চহৰৰ পৰিভাষা
আশা বৰা
ৰহা, নগাঁও
এক
আন্ধাৰত জন্ম পায় পোহৰৰ ছবি
ভিৰৰ মাজত হেৰায় খোজৰ চিন
হাউলী পৰে দুপৰৰ বেলি
দুই
কদৰ্য্যতাৰ আভৰণ পিন্ধি সময়
জ্বলি ছাই হোৱা গাঁওবোৰ
পৰিত্যক্ত ইতিহাসৰ এচুকত কাৰাৰুদ্ধ
তিনি
নিয়ন লাইটৰ শাৰী শাৰী ছাঁত
নাঙঠ নিশাৰ পৰিভাষা
আধা অঁকা চিত্ৰৰ নিসংগ বাটত
ভাগৰুৱা উশাহ
চাৰি
আধুনিক সাজ সজ্জাত নিমগ্ন
সচেতন সভ্যতাৰ শিখৰ
চুলিৰ পৰা নখলৈ কংক্ৰীটৰ ৰং
পাহৰণিৰ গৰ্ভত লুপ্ত মাটিৰ স্পৰ্শ
পাঁচ
আবেগবোৰ ডাষ্টবিনৰ উৱলি যোৱা
এটুকুৰা ৰুটি
আৰু নৰ্দমাৰ কীট ৷
ভ্ৰাম্যভাষ ৯৬৭৮৯৪১৭১৮


No comments:
Post a Comment