জীৱন বৃত্ত
ৰাজু কুমাৰ নৰহ
জীৱন সাগৰত মই নাওঁৰ বঠা
ঢৌ ভৰা গভীৰ সাগৰখন
পাৰ হোৱা আশাৰে
ৰুগ্ন হৃদয়ৰ কোণে কোণে
কর্কথণাৰ দুখ পাহৰি
প্ৰাণ ঢাকি কৰিছো আপ্ৰাণ চেষ্টা
দুষ্কৃতি ঢৌৱে বাৰে বাৰে নাওঁখন লুভীয়াই নিয়ে
বিকৃত বৰফব চেঁচাত মোৰ হাত ভৰি ধৰফৰাই
স্নেহবিহীন ঢৌবোৰে মোৰ কপালত এখিকনি দি যায়
মাতাল ধুমুৱাই মোৰ বুকুত খুন্দিয়াই
খঙাল বজ্রপাতে মোৰ দেহা জ্বলাই থৈ যায়
তথাপি,
নাওঁখন মই হেৰুৱাব বিচৰা নাই
নাওঁৰ গতিতেই মই জীৱন সাগৰ পাৰ হব বিচাৰো।
কাৰণ,
নাওঁৰ বিনা বঠাৰ কোনো অস্তিত্ব নাই।


No comments:
Post a Comment