শৰৎ এনেকৈয়ে আহে
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
মতলীয়া কৰিছিল শাৰদীয় সুবাসে
সেইদিনা মইও প্ৰেমত পৰিছিলো শৰতৰ
জোনাক সঁৰা নিয়ৰৰ কণিকা বোৰ যেতিয়া
কঁহুৱা কোমল শুভ্ৰ মানিকৰ দৰে
জিলিকি আছিল শাৰদীয় পূৰ্ণিমাৰ নিশা
শেৱালি জোপাই পাহি মেলিছিল
নয়ৰৰ টোপ-টোপ শব্দই
সেউজীয়া পাতত পৰি প্ৰকৃতিখন
ৰূপেৰে জগাই তুলিছিল
সুখৰ মৰীচিকা খেদি শুভ্ৰ জোনাকত
শাৰদীয় পূৰ্ণিমাৰ নিশা মোৰো
শৰতৰ কুঁৱলি সনা দূবৰি দলিচা খনত
খোজ দিবৰ মন গৈছিল
সেইদিনা উৎসৱৰ ৰং বাৰুকৈয়ে লাগিছিল
গোপনে তুমি উদং হৃদ্য়খনত
প্ৰেমৰ গীত ৰচিছিলা
সেইদিনা তোমাৰ বাবেই মইও
শৰতৰ প্ৰেমত পৰিছিলোঁ
আৱতৰীয়া বতাহজাক ফিৰফিৰীয়াকৈ
বলিব ধৰিছিল অনাগত শীতৰ বতৰা বিলাই
দূৰণিৰ কঁহুৱাজাকে খিলখিলকৈ হাঁহি
হালি-জালি সপোন ৰচিছিল
জোনাকীৰ পোহৰত নিয়ৰৰ মুকুতাবোৰ
জিলমিলাই উঠিছিল
ডাৱৰে উমলিছে নে , কুঁৱলিয়ে সাৱটিছে
আকাশ খন মনিবই পৰা নগৈছিল
গোটেই পাহাৰখন নিশাৰ
নৈশব্দৰ বুকুত বুৰ গৈছিল
অনুভৱ বোৰ ক্ৰমান্বয়ে গভীৰ
হৈ গৈ আছিল নিশাটোৰ লগতেই
আৰু আমেজ বোৰো
আস ! অপেক্ষা আছিল মাথো এজাক কিনকিনিয়া বৰষুনৰ
লাহে লাহেকৈ টোপাল বোৰে খেলিব লৈছিল
যেন সেইয়াওঁ হৈছিল পৰিপূৰ্ণ
ডাৱৰৰ কোলাত অবিৰত যাত্ৰা
অনুভৱ বোৰেই হয়তো জীৱনৰ অন্য ৰং
শাৰদীয় জোনাকৰ স্নিগ্ধ পোহৰত
প্ৰকাশিত হয় হৃদয়ৰ অনুৰাগ
জোনাকীৰ নিয়ৰৰ লগত খেলাৰ সুখ
শীতৰ শুভ্ৰ কোমল বতাহ ছাটিৰ পৰশ আৰু
শৰতৰ হৃদয় চুই যোৱাৰ এক পৰিক্ৰমা
সেই তেতিয়াই মোৰ সপোনবোৰে কমোৱা
তুলাৰ দৰে উৰি ফুৰি মনৰ শুকুলা
মেঘত বাট হেৰোৱাইছিল
এতিয়া বিছাৰি ফুৰিছো শৰতৰ বুকুত
মোৰ নিৰুদ্দিষ্ট হৃদয় !


No comments:
Post a Comment