গল্প - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

গল্প

 


গল্প

অলকা মহন্ত বৰুৱা

বামুনীমৈদাম, গুৱাহাটী



গল্পটোৰ শেষত

ঠিক এনেকুৱা এটাই ঘটনা ঘটিছিল ।


এখন কাণ বিশেষ অজুহাতত মানুহজনে কাটি লৈছিল যদিও আনখন কাণেৰে ঠিকেই শুনিছিল

তেওঁৰ এটা বেয়া অভ্যাস আছিল

সদায় ওলাই যাওঁতে তেওঁৰ নাকটো এটা চন্দুকত ভৰাই থৈ গৈছিল।

যিখন কাণেৰে তেওঁ শুনিছিল 

এদিন ঘা লাগি লাহে লাহে পচিছিল আৰু সময়ত সেই কাণখন পচি সৰি পৰিছিল


বৰ্তমান 

তেওঁ কাণেৰে নুশুনে

একোৰে গোন্ধ নাপায় ‌

একো নুশুনাৰ বাবে তেওঁৰ মাতটো ডাঙৰ হৈছিল

গোন্ধ নোপোৱাৰ ফলত ফুলনি আৰু নৰ্দমাৰ পাৰ্থক্য ধৰিব নোৱাৰা হৈ পৰিছিল ।


এদিন আচৰিত ধৰনে মানুহজনে চন্দুকৰ পৰা নাকটো উলিয়াই ল’লে  

দুখন কৃত্ৰিম কাণো লগালে

ঠিক সেইমুহূৰ্তৰ পৰাই

তেওঁ ইমান অস্থিৰতাত ভূগিলে যে

বিচাৰিব খুজিও তেওঁ

নাকটো আৰু কাণ দুখন

পুনৰাই সোলকাই পেলাব নোৱাৰিলে ।


তেওঁ কেৱল দেখি থাকিল

তেওঁৰ ওচৰে পাচৰে

থকা মানুহ বোৰৰ

কাণ সৰিছে

নাক খহিছে

আৰু জিভাও চিঙিছে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages