মিলা -নিমিলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

মিলা -নিমিলা



 মিলা -নিমিলা

নৱনীতা ডেকা

বেলতলা, গুৱাহাটী



 মিলাব নিবিচাৰাকৈয়ে

 কেতিয়াবা মিলি যায়

 বহু কিবা কিবি।


 কেইমাহ মান আগতে অনা

 কাপোৰযোৰৰ স'তে,

 দৌৰা দৌৰিকৈ কচমেটিকৰ দোকানত

 লোৱা নেইলপলিচৰ, ৰংটো

 মিলাব নোখোজাকৈয়ে মিলি যায়

 কেতিয়াবা!!


 অফিচৰ কামবোৰৰ হিচাপ 

 লেপটপতে ৰাখি ওলাই যোৱা

 জনৰো, যান-যটত ঘাম মচি থাকোতে

 কেতিয়াবা দেখা-দেখি হয়

 হেৰুৱাব নিবাচাৰা 

 কোনোবা গৰাকীৰ স'তে!

 হঠাৎে 

 সিদিনাওঁ মিলি যায় সময়বোৰ

 মিলাব নোখোজাকৈয়ে।


 ৰ'দেতো নেজানে, বৰষুণ মাটিত

 নমা ক্ষণৰ কথা

 বতাহেওঁ নিদিয়ে বাতৰি

 তথাপি মিলি যায়,

 সিহঁতৰ অহা সময়

 মিলাব নোখোজাকৈ

 ইন্দ্ৰধনুৰ  সময়ত ।


 মিলাব নিবিচাৰাকৈয়ে, কেতিয়াবা 

 মিলি যায়, দিয়কচোন সময়বোৰ

 মনে , নিমিলাজনৰ লগতো।


 কাৰোবাৰ অভ্যৰ্থনাত,

 কাৰোবাৰ শোকসভাত

 নহ'লে কেতিয়াবা বাণিজ্যমেলাত ।

 তেতিয়াই যাতনাৰ শিকলি দালে

 মেৰিয়াই ধৰে কলিজাটোত,

 উশাহবোৰে ধৰফৰাই  

 ওলাই আহিব ধৰে

 প'লৌত বজা মাছটোৰ নিচিনাকৈ !

 

 মিলাব নোখোজাকৈ, মিলি যায়

 বহু কথা, বহু  সময়ত 

 তথাপিওঁ এনে কিয় লাগে 

 সেয়া যেন , নেদেখাজনৰহে  ইচ্ছা

 আধৰুৱা কাহিনীক গতি দিবলৈ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages