খিৰিকীখন নুখোলোঁ দিয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

খিৰিকীখন নুখোলোঁ দিয়া

 


খিৰিকীখন নুখোলোঁ দিয়া

দেবানন্দ পায়োন



এনেকৈয়ে থাকক দিয়া মোৰ এই ৰোমটো

যেনেদৰে আছে তেতিয়াৰে পৰা।

আলনাৰ কাপোৰ খিনি

এচুকত ঠিয়হৈ থকা পুৰণি টেবুলখন

পালেঙখন সেই চাদৰৰ সতে

যিখন তেতিয়াই পাৰি দিছিলোঁ।

থাকক পৰি তেনেদৰে সেই লেপটপটো ও

যিদিনাখনৰ পৰা আছে তেনেদৰে।

ভয় লাগে

কিজানিবা খিৰিকীখন খুলিলেই সোমাই আহিব

উতনুৱা বতাহজাক,

বিশৃংখল কৰিবহি কাপোৰ খিনি

উৰুৱাই নিবহি ধূলিখিনি

পৰি থকা লেপটপ আৰু

সেই টেবুলখনত।

এনেকৈয়ে থাকোঁ দিয়া কাৰেন্টৰ পোহৰত

ফেনৰ ঘূৰ্ণীমান বতাহত।

খিৰিকীখন তেনেদৰেই থাকক দিয়া,

সোমাই আহিব পাৰে মহ, ডাঁহ, চিকৰা।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages