প্ৰেমৰ কবিতা
মৃদুল দলে
প্ৰেম শব্দৰে আৰম্ভ কৰিছো,
এটি প্ৰেমৰ কবিতা!
কোনোবা এটাৰ এনেকুৱা দিনতে,
জাকৰুৱা পখীৰ ঘৰমুৱা সন্ধিয়াত
পশ্চিম আকাশত যেতিয়া ৰঙা বেলিৰ
পোহৰে আবিৰ সানিছিল,
ৰচিছিলো এটি কবিতা!!
এন্ধাৰৰ সুযোগ লৈ অহা,
মিচিকীয়া হাঁহি থকা তৰাবোৰক
সাক্ষী হিচাপে লৈ, শব্দৰ পাহাৰৰে গঢ়িছিলো
আমাৰ ভালপোৱাৰ কবিতা!
ক্ৰমশঃ কবিতাৰ শাৰীতে
ৰচিছোঁ আমি অভিমান ভৰা সম্পৰ্ক!
লগতে সাজি গৈছো,
কোনো দিনে ভাঙিব নোৱাৰা
এটা বিশ্বাসৰ অটুট গাথা!
তুমি আৰু মই থকা পৃথিৱীত,
নিৰৱে বৈ থকা নদীৰ দৰে..
অভিমানৰ সাজযোৰ খুলি,
এনেকৈয়ে ৰচি যাম,
প্ৰেমৰ অমৰ কবিতা!!


No comments:
Post a Comment