চেম্পু
ড° ৰঘুনাথ কাগ্য়ুং
কাকো কোনো পৰিস্থিতিতে ব্যৱহাৰ কৰিবলৈ নিদিওঁ কাৰণেই
এবটল চেম্পু কিনিলেই মোৰ বছৰটো মোটামুটি পাৰ হৈ যায়
চেম্পুৰে ধুলে চুলি গজে বুলি বাহঁতে পেন্ পেনাইছিল কেইবাদিনো
আয়ে কাৰো কথা নুশুনি চাবোনেৰেই ধুই দিছিল শৈশৱতে চুলি
বিয়াৰ দিনাও আয়ে
দৰাৰ সাজযোৰ পিন্ধাৰ আগতে চুলিখিনি ধুই দিছিল চাবোনেৰে
অৱশ্যে বিয়াৰ এসপ্তাহ নৌহওঁতেই
মৰমৰ পত্নী দীপিকাই ধুই দি চুলি
নিজ হাতে শিকাই দিছিলে
চেম্পুৰ ব্যৱহাৰ-কৌশল উপকাৰিতা
সেই দিন ধৰি বাথৰূমত চাবোনৰ ঠাই ল'লে চেম্পুৱে
আয়ে ধুই থাকোতে
নিতৌ গজিছিল মূৰত ন ন চুলি
কিন্তু শ্রীমতীয়ে ধুই দিয়া দিন ধৰি
চুলিবোৰ সৰি সৰি
এতিয়া প্ৰায় নোহোৱাৰ দৰেই হৈছে
তথাপিও মোৰ কোনো আক্ষেপ নাই
চেম্পুৰে চুলি ধুই মোৰেই সৰা নাই চুলি
পৃথিৱীৰ সবাতোকৈ দামী চেম্পুটো
ব্যৱহাৰ কৰাজনৰো দৈনিক সৰিয়ে আছে চুলি
বৰং এই কথা ভাবি ভালহে লাগে মনে মনে
জীৱনত পত্নীৰ
লাহি আঙুলিৰ মৰমৰ বুলনি
চুলি ধুই দিওঁতে পাইছে কেইজনে ?
No comments:
Post a Comment