ইতিহাস আৰু পক্ষপাত দুষ্টতা
জাতিৰাম কমান
মানৱ সভ্যতাৰ ইতিহাস বুলি কলে সৃষ্টিৰ আদিম কালৰে পৰা পৃথিৱীত বসবাস কৰা মানৱ সমাজৰ সামাজিক ব্যৱস্থাৰ কথাকে সামগ্ৰিকভাৱে বুজা যায়। সেই ইতিহাসৰ সমগ্ৰ দিশ সামৰি ললেও এশ শতাংশই শুদ্ধ বুলি ধৰিব নোৱাৰি। প্ৰকৃত ঘটনাৰ লগতে কল্পনাপ্ৰসূত কিছু কথাও সন্নিৱিষ্ট যে কৰা হয় সেই কথা নুই কৰিব নোৱাৰি। কিন্তু সেইবুলি ইতিহাসৰ সমলকো চেৰ পেলাই বেছি বেছি কল্পনাৰ ৰহন সানি ইতিহাস ৰচনা কৰিলেই বিপদ।তেনেধৰণৰ ৰহন সনা কাল্পনিক ইতিহাসক সচেতন পঢ়ুৱৈয়ে সন্দেহৰ দৃষ্টিৰে চায় আৰু সমাজেও ইয়াক আদৰি নলয়।কাজেই,তেনে বিধৰ ইতিহাস,ইতিহাস নহৈ কাহিনীলৈ সংকুচিত হৈ যায়। গতিকে,ইতিহাস লিখা কাৰ্য্য সিমানো সহজ নহয়;ইতিহাস লিখিবলৈ যথেষ্টখিনি বিশ্বাযোগ্য সমলৰ প্ৰয়োজন হয়।
মানৱ সভ্যতাত লিখিত ইতিহাস যথেষ্ট পাছতহে আহিছে। প্ৰথম লিখিত ইতিহাস প্ৰায় পাঁচ হেজাৰ বছৰতকৈ কিছু পূৰ্বে ইজিপ্তত আৰু প্ৰাচীন চুমেৰত লিখা হৈছিল। প্ৰাচীন চুমেৰীয় তথ্যবোৰ টান আলতীয়া মাটিত খোদিত শংকু আকৃতিৰ বিভিন্ন চিহ্নৰে অংকিত সাঁচ আছিল যাক সাচঁ নথিকৰণ বোলা হয়।প্ৰত্নতত্ত্ববিদ সকলেও খনন কাৰ্য্যৰ সহায়ত ভূগৰ্ভৰ পৰা জীৱাশ্ম আৰু সেই সেই যুগৰ ঘৰৰ ভগ্নাৱশেষ আৰু ব্যৱহৃত সামগ্ৰীৰ ভগ্নাংশৰ পৰা ইতিহাসৰ সমল উদ্ধাৰ কৰা হয়।
যথাৰ্থতে ইতিহাস লিখাটো জটিল কাৰ্য্য।তাতোকৈ দুৰূহ কাম বিশ্ব ইতিহাস লিখাটো। তথাপি অক্সফোৰ্ড বিশ্ব বিদ্যালয়ৰ পৰা ইতিহাসৰ ডক্টৰেট আৰু জেৰুচালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ বিশ্ব ইতিহাসৰ প্ৰবক্তা প্ৰফেছৰ য়ুৱা নৱা হাৰাৰিয়ে বিশ্ব ইতিহাস সম্বন্ধীয় কেবাসংখ্যক গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছে।তেওঁৰ গ্ৰন্থসমূহ বিশ্বৰ ৬৫ টা ভাষালৈ অনুবাদ হৈছে আৰু প্ৰায় চল্লিশ নিযুত কপি বিক্ৰি হৈছে।
ইতিহাস ৰচনাৰ প্ৰধান উৎস সমূহ হল__
মুদ্ৰা,শিলালিপি,চিত্ৰ,সাঁচিপাতৰ পুথি,নথিপত্ৰ
দিনপঞ্জী,প্ৰত্নতত্ত্বাত্বিক সমল,ধংব্সাৱশেষ,
ঐতিহাসিক ভগ্নস্তূপ,মৌখিক কাহিনী,জন -শ্ৰুতি সমূহেই হল ব্যাপক অৰ্থত ইতিহাসৰ সমল।
প্ৰাচীন ভাৰতীয় ইতিহাস বুলি ক'লে খ্ৰীষ্ট পূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৫০০ লৈকে সামৰি লব পৰা যায়। মহেঞ্জদাৰো হৰপ্পাকে ধৰি সিন্ধু সভ্যতা(হিন্দু),মৌৰ্য্য,সাতবাহন,শক,কুষাণ,
গুপ্ত,পল্লৱ আদি সভ্যতাবোৰেই ভাৰতীয় প্ৰাচীন সভ্যতা আৰু ইতিহাস।
প্ৰাচীন ইতিহাসৰ পাছত আহিল মধ্যযুগ।গুপ্ত সাম্ৰাজ্য ধংব্সৰ পাছত ৫০০ খৃষ্টাব্দৰ পৰা ১৫২৬ খৃষ্টাব্দৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কালৰে পৰাই মধ্যযুগ বুলি ধৰিব পাৰি।ইয়াৰ পাছৰ ইতিহাস হল আধুনিক ইতিহাস; মোগল সাম্ৰাজ্যৰ পতনৰ পাছত ১৮৫০ চন মানৰ পৰা আৰম্ভ হয় আধুনিক যুগ।আধুনিক যুগটোৰ অধিকাংশ সময় বৃটিছ শাসনৰ কবলত থাকে।মুঠতে বৃটিছ যুগ হল আধুনিক ভাৰতীয় ইতিহাস।
অসম বুৰঞ্জীও আহোম ৰাজত্বৰ পৰাই আৰম্ভ হয়।শ্যামদেশৰ মন মাওৰ শ্যান ৰাজকোঁৱৰ চাও-কা-ফাই(চুকাফা)পাটকাই পৰ্বত মালাইদি আহি অসম শাসন কৰে।তেৰশ শতিকাৰ পৰা উনৈশ শতিকাৰ সময়ছোৱাত কিছু সংখ্যক জনজাতিও ইতিহাসৰ পটভূমিলৈ আহে।
আহোম সকলতকৈ আগতে অসমৰ উত্তৰদিশে চুতিয়া ৰাজ্য,দক্ষিণে কছাৰী ৰাজ্য আৰু পশ্চিমে কোঁচ ৰাজ্য আছিল।চুতিয়া সকলৰ ৰাজত্ব কালৰে পৰাই মিচিং দেউৰী জনজাতি সকলো অসম উপত্যকাত থকাৰ উমান পোৱা যায়।
ইতিহাস প্ৰণেতা সকলে বিভিন্ন সময়ত ইতিহাস প্ৰণয়ন কৰা কালত নাজানি বা ইচ্ছাকৃত ভাৱে কিছু কিছু ঘটনা আৰু কিছু কিছু সমাজৰ কথা ইতিহাসত লিপিবদ্ধ কৰাৰ পৰা বিৰত থাকি পক্ষপাত দুষ্টালি কৰে।
উদাহৰণ স্বৰূপে সেই সময়ৰ উত্তৰ ভাৰতীয় ইতিহাসবিদ সকলে মোগলৰ বিৰুদ্ধে যুঁজা ৰাণা প্ৰতাপ সিংহ আৰু শিৱাজীৰ বিষয়ে যিমান বিস্তাৰিত ভাৱে বীৰ বন্দনা কৰা হল তাৰে অন্ততঃ অলপ পৰিমাণে হলেও বীৰ লাচিতৰ নামোল্লেখ থকা হলে বা অলপ মানো গুণগান কৰা হলে হয়তু সাম্প্ৰতিক ভাৰত বুৰঞ্জীত ৰাণা প্ৰতাপ সিংহ তথা বীৰ শিৱাজীৰ সমানে সমানে ভাৰত বুৰঞ্জী দখল কৰি থাকিলেহেঁতেন লাচিত বৰফুকনৰ নাম।
ঝান্সীৰ ৰাণী লক্ষ্মীবাইতকৈ কোনো গুণে কম নাছিল ৰাণী মূলা গাভৰু কিম্বা কনকলতাৰ বীৰাঙ্গনাৰ নিদৰ্শন।কিন্তু ৰাণী লক্ষ্মীবাইৰ নাম ভাৰত বুৰঞ্জীত যিমান সৰৱ কিন্তু বীৰাঙ্গনা মূলা গাভৰুৰ নাম নিৰৱ!
ইতিহাস প্ৰণেতাসকলে বহু ভাৱি চিন্তিহে ইতিহাস লিখাতো বাঞ্চনীয়।জনা কথা জানিও নিলিখি বিৰত ৰখাতো অবাঞ্চিত আৰু পক্ষপাত দুষ্টতা।অন্যহাতে উৎসৰ কথা ভালদৰে অধ্যয়ন নকৰি দৃষ্টিকটুভাৱে অধিক ৰহন সনাতো মূঢ়তা।
ইয়াতে উল্লেখনীয় যে মিচিং জনগোষ্ঠীৰ লিখিত ইতিহাস পাবলৈ নাই।সোনাৰাম পাঞাং কটকীৰ "মিৰি জাতিৰ বুৰঞ্জী" ১৯৩৫ চনত যুগুত কৰা এখনি সৰু পুথি আৰু ডা০ নোমল চন্দ্ৰ পেগুৰ "The Mishings of the Brahmaputra Valley" তাৰো পাছত ১৯৫৬ চনত প্ৰকাশিত পুথি।বুৰঞ্জী হিচাপে একেবাৰেই চালুকীয়া পুথি।তাকো মৌখিক কাহিনীৰ আধাৰত লিখা পুথিহে।
মিচিং সকল কোনো ৰাজতান্ত্ৰিক পৰিয়াল বা কোনো ৰাজসিক শ্ৰেনীভুক্ত জনগোটৰ নাছিল বাবে কিঞ্চিত পৰিমাণেও ইতিহাসৰ সমল বিচাৰি পোৱা নাযায়।মিচিং জনগোষ্ঠীৰ প্ৰৱজনৰ ইতিহাস আচলতে জনশ্ৰুতি,
মৌখিক কাহিনী,কিংবদন্তি অথবা মুখ বাগৰা কাহিনীৰ আধাৰত প্ৰতিষ্ঠিত।কোনো শিলা লিপি,চিত্ৰ ভাস্কৰ্য্য তথা সাঁচিপতীয়া পুথিৰ পৰা পাঠোদ্ধাৰ কৰা ইতিহাস নহয়।কাজেই মিচিঙসকলৰ বংশাৱলী তথা ইতিহাস সম্বলিত তথ্যবোৰ একেবাৰে তথ্যভিত্তিক বুলি দাবী কৰিব নোৱাৰি।মিচিং সকলৰ পূৰ্বজ বা আদিপুৰুষৰ নামৰ suffix পৰৱৰ্তী পুৰুষৰ নামত prefix কৰি ক্ৰমামুসৰি সজাই পুৰুষাণুক্ৰম কৰা হৈছে কৗয়ুমৰ পৰা পৗদাং আৰু পৗদঙৰ পৰা যিকোনো কুলৰ বৰ্তমান পুৰুষলৈকে।পুৰুষাণুক্ৰমবোৰ symmetrical যদিও নামবোৰৰ শুদ্ধতা তথ্য আধাৰিত নহয়!কাৰণ,সৰহ ভাগ পৰিয়ালৰ চাৰি পাঁচ পুৰুষলৈকেহে নাম মনত থাকে।বহু কম সংখ্যক পৰিয়ালৰহে তাতোকৈ বেছি পুৰুষৰ পুৰুষাণুক্ৰম পঞ্জীভুক্ত থাকিব পাৰে!বহু কিছু পৰিয়ালৰ আকৌ তিনিপুৰুষলৈকেই নাম মনত নাথাকে!
সম্প্ৰতি আমাৰ মিচিং সম্প্ৰদায়ৰ মাজত অপৃন কৗবাঙৰ নামত বংশাৱলী তথা ইতিহাস লেখাৰ ধুম উঠিছে।বহুতে আকৌ বংশাৱলী প্ৰস্তুত কৰাৰ নামত বত্ৰিছ তেত্ৰিছ পুৰুষলৈকে বংশানুক্ৰম সজাইছে!তেনে ধৰণৰ বংশাৱলী সমূহ তথ্যভিত্তিক নহয়।অতীতলৈ গৈ মাত্ৰ মনত পৰাখিনিকে সামৰি বংশাৱলী কৰিলেই হল।তাকে নকৰি কল্পনাৰ সহায় লৈ অধিক অতীতলৈ ভূমুকি মাৰি পূৰ্ব পুৰুষৰ নাম বিচাৰি অসংলগ্ন বংশাৱলী প্ৰস্তুত কৰাতো কল্পনাপ্ৰসূত বংশলতাৰ বাদে একো নহয়।ই অযুক্তিকৰ,ইয়াৰ কোনো ভিত্তি নাই আৰু তেনে কাৰ্য্যৰ পৰা বিৰত থকাটো বাঞ্চনীয়।
আমাৰ মিচিং সকলৰ কিছু চাম লিখকে আকৌ ক'ব বিচাৰে যে পেগু দলে সকলৰহে ইতিহাস আছে বাকী সকলৰ নাই!ই আকৌ কেনেধৰণৰ অদ্ভুদ যুক্তি?আমি জনাত কোনো মিচিং অপৃনৰেই লিখিত ইতিহাস নাছিল।সামগ্ৰিক ভাৱে মিচিঙসকলৰ ইতিহাস একেই হব।পাহাৰেদি ভৈয়ামলৈ কৰা প্ৰৱজনৰ সময় হয়তু বেলেগ বেলেগ হব পাৰে।মিচিং নালাগে সমগ্ৰ তানিগোষ্ঠীৰ বুৰঞ্জীকে আমি সামগ্ৰিক ভাৱে সমদৃষ্টিৰে মূল্যায়ন কৰিব লাগিব।
পেগু দলেসকল অসমলৈ প্ৰথমে প্ৰৱজন কৰা কথাটো মানি লব পাৰি কাৰণ,সামাজিক ভাৱে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোক কিছু আগবঢ়া বাকী অপৃনতকৈ।তেওঁবিলাকতকৈ আগতে চামুগুৰীয়া,তামাৰ গঞা,বংকোৱাল সকলেহে অসমত প্ৰৱেশ কৰা যেন অনুমান হয়!তেওঁবিলাকে নিজা ভাষা পাহৰি যোৱা আৰু তেওঁ বিলাকে অসমীয়া মূলসূঁতিৰ মানুহৰ দৰে থকা মেলা কৰাৰ ধৰণ কৰণৰ পৰা বুজিব পাৰি যে তেওঁলোকৰ প্ৰৱজন সকলোতকৈ আগতে হৈছে।ইয়াৰ পাছত মঞিং দাম্বুকসকল(ref-census of Assam 1881) ভৈয়ামত প্ৰৱেশ কৰে।ছাঃয়াঙসকল অবশ্যে সােতৰ শতিকাৰ আগৰে পৰাই শদিয়াৰ বাসিন্দা।পৰৱৰ্তী কালত হয়তু শদিয়াৰ পৰা কিছু গোট ভটিয়াই নামি আহে।ঠিক তেনেকৈ পাচিঘাটৰ অয়ানৰ পৰা অয়ানসকল।
আন কিছু অত্যুৎসাহী লেখকে আকৌ কব বিচাৰে কিছু কুলি উপাধিৰ মানুহে ১৯৪০ চন মানৰ পৰা হেনো কমান বুলি লিখিবলৈ লৈছে!অথচ ১৮৮১ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা লোক পিয়লত"কমান"উপাধিটো স্পষ্টভাৱে লেখা আছে।
মনে সজা অদ্ভুত যুক্তি প্ৰদৰ্শন কৰি ইতিহাস সম্বন্ধীয় লেখা মেলাৰ পৰা বিৰত থাকি যুক্তি পূ্ৰ্ণভাৱে,সকলোৰে গ্ৰহনযোগ্য কথাবোৰহে ইতিহাস সম্পৰ্কীয় লেখাবোৰত থাকিব লাগে।
পঢ়ুৱৈক বিব্ৰত কৰা,বিমূঢ় কৰা লেখনিবোৰ গ্ৰহনযোগ্য নহয়;বিশেষকৈ ইতিহাস ৰচনাৰ ক্ষেত্ৰত।
আমাৰ বদ্ধমূল ধাৰণা যে তানি তথা মিচিং জনগোষ্ঠীৰ কোনো উচ্চ নিম্ন গোট নাই।একেই সমগোষ্ঠীয় লোক আদি কালৰ পৰা।
মিচিঙসকল প্ৰকৃতিক ভালপোৱা নদীপ্ৰিয় কষ্টসহিষ্ণু জনগোষ্ঠী।জাত পাতৰ কথাবোৰ আমাৰ সমাজত আগেয়েও নাছিল আৰু এতিয়াও নাই আৰু ভৱিষ্যতেও থকাতো কামনা নকৰোঁ।
ঠাই বিশেষেহে মিচিঙসকলে নিজকে বিভিন্ন খেলত ভাগ কৰি লৈছে।যেনে বৰনৈৰ পাৰৰ সৰহ সংখ্যকেই আমাৰ পাগ্ৰ খেলৰ,ঠিক তেনেকৈ দিচাং পাৰত দেলুসকল,বৃহত্তৰ অৱনৰিৰ উজনিত ছাঃয়াংসকল,নামনিত অয়ান দাম্বুকসকল,পশ্চিমৰ জীয়াভৰলী আৰু মাজুলীত মঃয়িংসকল,ৰঙানৈত চামুগুৰিয়াসকল।তাৰোপৰি দক্ষিনপাৰে যোৰহাট গোলাঘাটত তামাৰ বিহিয়া বংকোৱালসকল।
বৃটিছৰ দিনত দহগাম,বাৰগাম বুলি মিচিঙসকলক দুটা প্ৰশাসনিক গোটত ভাগ কৰিছিল কিন্তু এতিয়া সেই অভিধা অপ্ৰাসংগিক হল।আনকি ঠাই বিশেষে বিভিন্ন খেলত বিভক্ত মিচিঙসকল অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত একেমঞ্চত একত্ৰিত হল।ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ হেতু একত্ৰিত হৈ সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে।তেনে পৰিপ্ৰেক্ষিতত আমি সকলোৱেই এটা মাত্ৰ পৰিচয়েৰে নিজকে অন্য সমাজৰ আগত প্ৰতিষ্ঠিত কৰাব লাগে যে আমি মিচিং,তানি আৱ মিচিং।মিচিং ইতিহাসো লিখা হওক প্ৰকৃত তথ্য সহকাৰে যিটো সামগ্ৰিকভাৱে গ্ৰহণযোগ্য।যি যত যেনেকৈ আছিল,যৰ পৰা আহিছিল,সেই কথাবোৰ ঢুকি পোৱা,মনে ভাৱি পোৱা দিনৰ পৰাহে সুন্দৰকৈ লিখিব লাগে।অগা পিছাৰ দৌৰত নিজকে উজুটি খোৱাই মাৰিব নালাগে।সমাজে সদায়েই সঁচাটো মানি লব;মিছাটো জুৰ জুলুমকৈ জাপি দিব খুজিলে ওলোটাটোহে হব!
গতিকে আমি বৰ্তমানৰ অৱস্থাৰ কথালৈ চাইহে অতীত ভূমুকি মৰাতো উচিত।কাৰণ অতীতৰ পৰাই বৰ্তমানৰ দৃশ্য প্ৰতিফলিত হয়।বুঢ়া ককাই ৰুই যোৱা আঁহত জোপা আহঁত গছেই হব ই কেতিয়াও বহঁত গছ হব নোৱাৰে!
No comments:
Post a Comment