মিকা পালাদৰ কাহিনী আৰু মিচিং ভাষা-শিক্ষা
খগেন পেগু
বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা মিচিংসকল অসম-অৰুণাচলত বসতি কৰি আহিছে৷ মূলতঃ দক্ষিন চীনৰ ছিপছন পান্নাৰ পৰা তেওঁলোকে প্ৰথমে উত্তৰলৈ, তাৰ পিছত দক্ষিণ-পশ্চিমলৈ প্ৰব্ৰজন কৰি তীব্বতত কিছুদিন স্থিতি লয়৷ তাৰ পিছত খেতিৰ উপযোগী মাটি বিচাৰি পাহাৰে পাহাৰে পূৱলৈ প্ৰব্ৰজন কৰে বুলি 1989 চনত NEFA Informations বাতৰি কাকতত বিশেষ এটা নিবন্ধৰ যোগে আদী আগম কৌবাঙৰ তদানীন্তন সভাপতি তালম ৰুকবই লিখি গৈছে৷ সেইমতে দাম্ৰ, কাৰ্ক, চিমং, ৰয়িং আদি অঞ্চলত কিছুদিন থাকি তেওঁলোকৰ সমগোত্ৰীয় আদীসকলৰ উৎপাতত তিস্তিব নোৱাৰি পাহাৰ এৰি ভৈয়ামলৈ নামি আহে৷ পেঃগুসকল অৰুণাচলৰ য'ত পূৰ্বতে আছিল তাত এতিয়াও পেঃগু চিয়ৌং বুলি এটা পুখুৰী বা হ্ৰদ আছে৷
অৱশ্যে অন্য এটা সম্ভাৱনা অনুসৰি, দক্ষিণ চীনৰ ছিপছন পান্না অঞ্চলত তাহানি বসবাস কৰা মিচিংসকলে প্ৰথমে ম্যানমাৰ, অৰ্থাৎ তেতিয়াৰ ব্ৰহ্মদেশলৈ প্ৰব্ৰজন কৰে আৰু তাত কিছুদিন বসতি কৰে৷ হয়তো তাৰেই জলন্ত প্ৰমাণ ব্ৰহ্মদেশৰ পেঃগু প্ৰদেশ যাক দ্বিতীয় ব্ৰহ্মযুদ্ধত ব্ৰিটিছে দখল কৰিছিল৷ তাৰ পিছত মিচিংসকলে পশ্চিমলৈ প্ৰব্ৰজন কৰি এতিয়াৰ অৰুণাচলৰ পাছিঘাটৰ আশে পাশে থকা অঞ্চলবোৰত কিছুদিন স্থিতি লয়৷ আধুনিক টাই আহোম গৱেষকৰ তথ্য অনুসৰি ছিপছন পান্না অঞ্চলত এতিয়াও হুবহু একেই সংস্কৃতিৰ মিচিংসকলৰ বংশধৰ আছে৷ তেওঁলোকৰ ওচৰ-চুবুৰীয়া আহোমসকল ব্ৰহ্মদেশেদি, অৰ্থাৎ এতিয়াৰ ম্যানমাৰেদি পাটকাই পৰ্ব্বত পাৰহৈ অসমত প্ৰৱেশ কৰিছিল৷ সেই অনুসৰি ক'ব পাৰি, আহোমসকলৰ বহুদিন আগতেই মিচিংসকল ব্ৰহ্মদেশ, অৰ্থাৎ এতিয়াৰ ম্যানমাৰেদি পশ্চিমলৈ প্ৰব্ৰজন কৰি এতিয়াৰ অৰুণাচলৰ পৰা অসমত আহি নিগাজী হৈছিল৷
সি যি কি নহওক, পাহাৰে পাহাৰে খেতিৰ উপযোগী মাটি বিচাৰি প্ৰব্ৰজন কৰা মিচিংসকলৰ একাংশই ভৈয়ামলৈ দলৱদ্ধভাৱে প্ৰব্ৰজন কৰি অসমৰ বিভিন্ন ঠাইত স্থিতি লয়৷ বুৰঞ্জীত(1100-1200 খ্ৰীষ্টাব্দত) চুতীয়াসকলৰ ৰাজত্বকালত মিৰি চুতীয়া বা চুতীয়া মিৰি বুলি তেওঁলোকৰ অস্তিত্ব স্পষ্টকৈ ওলাই পৰে৷ তাৰ পিছত আহোম ৰাজত্বৰ সময়ত মিৰি, মিৰি বৰুৱা, মিৰি সন্দিকৈ, পানীফুকন, নাওবৈচা, ঘোঁড়া বৰুৱা, কাৰী আদি ৰূপত৷৷
1800 খ্ৰীষ্টাব্দত বৰ আবৰৰ মুষ্টিমেয় এটা দলে অসমৰ অন্যভাষী মানুহৰ সান্নিধ্যত বসতি কৰিছিল৷ তেনেকৈ বহুদিনৰ পিছত তেওঁলোকে সিমানদিনে কৈ অহা নিজৰ মিচিং ভাষাটো হেৰুৱাই পেলাইছিল৷ খুব সম্ভৱ মিকা পালাদ বুলি অভিহিত কৰা আমি আংঙাৰাং মিৰাংসকল তেওঁলোকেই আছিল৷
মিচিং সমাজত প্ৰচলিত এটা কথিত অনুসৰি, দলগতভাৱে পাহাৰে পাহাৰে প্ৰব্ৰজন কৰা বৰ আবৰৰ এটা দল কোনোবা নৈৰ কিনাৰ(হয়তো তেতিয়াৰ চিয়াঃ-চিকাং নদীৰ পাৰ)ত কিছুদিন বসতি কৰিছিল৷ সেইটো সময়ত নৈৰ সিপাৰত ইতিমধ্যে বসতি কৰি থকা অন্য এটা দল বা ফৈদৰ মানুহ আহি তেওঁলোকক প্ৰায়ে উপদ্ৰৱ কৰিছিল৷ সেয়ে এদিন ৰাতিৰ আন্ধাৰত সেই উপদ্ৰৱকাৰী দলটোক আক্ৰমন কৰিবৰ উদ্দেশ্যে এখন নাওৰে যাত্ৰা কৰে৷ কিন্তু তেওঁলোকৰ সেই নাও এমূৰে দীঘল ৰচিৰে বন্ধা আছিল৷ আন্ধাৰ ৰাতি দা-কুঠাৰ আৰু সমৰসজ্জাৰে উত্তেজিত হৈ গৈ থাকোঁতে মাজৰ পৰা নৈৰ প্ৰৱল সোঁতত পৰি তেওঁলোকৰ অজানিতে এমূৰে ৰচিৰে বন্ধা নাওখন গৈ নিজৰ ঠাইতে পৰেগৈ৷ তেওঁলোকে আন্ধাৰত একো নোচোৱাকৈয়ে শত্ৰুপক্ষ বুলি ভাবি নিজৰ ঘৰৰ মাইকী মানুহৰ লগতে ল'ৰা-ছোৱালীকেইটাকো কাটি-মাৰি শেষ কৰে৷ ঘটনাৰ পিছত আচল কথা উপলব্ধি হোৱাত তেওঁলোক মৰ্মাহত হয়৷ অত্যন্ত দুখ আৰু বেজাৰত নিজৰ ঘৰ-পৰিয়াল নোহোৱাকৈয়ে কেৱল পুৰুষসকলে নৈ পাৰহৈ ভৈয়ামলৈ গুচি যায়৷ সেয়ে মিচিঙত তেওঁলোকক আমি আংঙাৰাং মিৰাং বুলি কয়৷
ভৈয়ামলৈ আহি তেওঁলোকৰ কিছুমান শিৱসাগৰৰ চাম গছৰ গুৰি চামগুৰিত গাঁও পাতে৷ কিছুমানে মিচিঙত টামাগ বুলি কোৱা ছেৱা তামোলৰ গছৰ গুৰিত গাঁও পাতে আৰু কিছুমানে বংকু নৈৰ পাৰত৷ চামগুৰিত থকা সকলক পিছলৈ চামগুৰীয়া বা চামুগুৰীয়া বুলি কোৱা হ'ল৷ তামাগ অৰ্থাৎ ছেৱা তামোলৰ গুৰিত থকাসকল তেমাৰ বা তেমেৰা বুলি জনাজাত হ'ল৷ তেনেকৈ বংকু নদীৰ পাৰত থকাসকল বংকোৱাল হ'ল৷ কিন্তু বসতিস্থানৰ নাম লৈ তেওঁলোকক যি নামেই দিয়া নহওক কিয়, এটা কথা ঠিকযে মূলতঃ তেওঁলোক একেটা ফৈদৰে লোক৷ চামগুৰিৰ পৰবৰ্তী সময়ত তেওঁলোকৰ কিছুমান টিয়ক চিৰাম গাঁৱত আৰু কিছুমান জগদুৱাৰৰ ভোমোৰাগুৰি গাঁৱত স্থিতি লৈছে৷
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'বযে, চামগুৰীয়াসকলৰ গৰিষ্ঠসংখ্যক লোক পিছলৈ লক্ষীমপুৰ জিলাৰ ৰঙানদীৰ পাৰলৈ প্ৰব্ৰজন কৰে, যিসকল বঙালমৰা আৰু পহুমৰা অঞ্চলত নিগাজিকৈ থিতাপি লয়৷ বাকীবিলাক পশ্চিমলৈ প্ৰব্ৰজন কৰি গুলুংটেমেৰা, ওপৰ টেমেৰা, নামটেমেৰা, নিকৰি বৰতল, বংকোৱাল, বৰটিকা আদিলৈ বিস্তাৰিত হয়৷
বংকোৱাল নামটো বংশ উছন্ন হোৱাৰ পৰাও আহিব পাৰে বুলি কোনোবা ক'ব বিচাৰে৷ তাৰ উপৰি আহোম ৰাজত্বকালত কৰ্ম বা বিষয়বাব অনুসৰি তেওঁলোকৰ পৰাই বেবেজীয়া নামধাৰী মুষ্টিমেয় ফৈদ এটাৰ সৃষ্টি হোৱা বুলি কয়৷ অৱশ্যে এইক্ষেত্ৰত বিহিয়াসকলৰ বুৰঞ্জী কিছু বেলেগ৷
আমি আগতেই কৈছোঁ, নিজৰ মাইকী মানুহ আৰু ল'ৰা-ছোৱালী অবিহনে ভৈয়ামলৈ প্ৰব্ৰজন কৰা মুষ্টিমেয় মানুহবিলাক অসমীয়াভাষী মানুহৰ মাজত বসতি কৰে৷ লাহে লাহে তেনেকৈয়ে তেওঁলোকে বিয়া-বাৰু সম্পৰ্কত আৱদ্ধ হৈ পুৰুষাণুক্ৰমে ক্ৰমান্বয়ে নিজৰ ভাষা হেৰুৱাবলৈ আৰম্ভ কৰে৷ এই প্ৰক্ৰিয়া বহুদিন চলি থাকিল আৰু তেনেকৈ গৈ এতিয়া কিছুমান নামবাচক বিশেষ্যপদহে তেওঁলোকৰ কাৰোবাৰ কাৰোবাৰ মুখত বাচি আছেগৈ৷
এটা কথা ইয়াতে নকৈ নোৱাৰিলোঁ৷ সেয়া হ'ল, 1985-86 চনলৈকে উপৰিউক্ত লোকৰ গাঁওবোৰত দুই-এটা আলৰ বুঢ়া-বুঢ়ীৰ মুখত মিচিং ভাষা জীয়াই আছিল, যিটো আমি প্ৰত্যক্ষ কৰিছিলোঁ৷ তাৰ উদাহৰণ আমি প্ৰথমে পাইছিলোঁ বৰটিকা নে বংকোৱালৰ কোনোবা এখন ঘৰত৷ 1986 চনত বৰটিকাত মিচিং ভাষা পঢ়াবলৈ যাওঁতে (মোক আৰু মোৰ লগৰজনক) তেতিয়াৰ মিচিং আগম কৌবাঙৰ কাৰ্যবাহী সদস্য পুষ্পধৰ লয়িঙে তেওঁৰ ঘৰলৈ মাতি নিয়াৰ অচিলাৰে আমাক অলপ গাঁও ফুৰাবলৈ নিছিল৷ তেতিয়া এঘৰত মিচিং ভাষা ক'ব জনা বুঢ়ী নে বুঢ়া এগৰাকী পাইছিলোঁ৷(তাৰ পৰা ঘূৰি গৈ) দ্বিতীয়তে, মোৰ চাকৰি হোৱাৰ পিছত অবিভক্ত যোৰহাট মিচিং বাংকে আগম কৌবাং, অৰ্থাৎ মিচিং ভাষা সংস্থা, যোৰহাট শাখাৰ সৌজন্যত 1986 চনত যোৰহাটৰ টিয়ক চিৰাম গাঁৱত একপ্ৰকাৰ কেন্দ্ৰীয় ভিত্তিত প্ৰথম আগম লঙৌ উদযাপন কৰা হৈছিল৷ তাত আমাক মিচিং ভাষা-শিক্ষাৰ শুভ উদ্বোধন কৰিবলৈ দিয়া হৈছিল৷ তালৈ আহিছিল আগম কৌবাঙৰ তদানীন্তন উপসভাপতি লক্ষ্মীনাথ পাংগিং ডাঙৰীয়া৷ ৰাতি মই আৰু মোৰ লগৰ কোনোবা য'ত আছিলোঁ তাত(সেই গাঁওখনত) তেতিয়ালৈকে মিচিং ভাষা ক'ব জনা এগৰাকী আলৰ বুঢ়ী জীয়াই আছে বুলি কোনোবা ব্যক্তিয়ে কৈছিল৷ তেনেকৈ বঙালমৰাতো মিচিং ভাষা ক'ব জনা মানুহ আছে বুলি কেনোবা কোৱা শুনিলোঁ৷ অৱশ্যে প্ৰবন্ধৰ আকাৰ বেছি দীঘল হ'ব, সেয়ে এই কথাবোৰ ইমানতে সামৰি মিচিং ভাষা-শিক্ষাৰ ক্ষেত্ৰত এগৰাকী যুগান্তৰকাৰী ব্যক্তিৰ বিষয়ে কিছু কথা কওঁ বুলি আগবাঢ়িছোঁ৷
উপৰিউক্ত ব্যক্তিগৰাকীৰ নাম হয়তো বহুতে নাজানে৷ তেওঁ হ'ল, গুলুং(গিলুং) টেমেৰাৰ নামনিৰ ওপৰ টেমেৰা গাঁৱৰ নিবাসী টঙ্কেশ্বৰ লয়িংদেৱ৷ এটা সময়লৈকে ময়ো জনা নাছিলোঁ৷ তেওঁ গোলাঘাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী বিষয়-শিক্ষক আছিল৷ ময়ো গোলাঘাট ডি আৰ ডি এৰ টেকনিকেল অফিচাৰ হিচাপে 1989 চনৰ মে' মাহৰ পৰা 1992 চনৰ এপ্ৰিল মাহলৈকে তিনিবছৰ কাল গোলাঘাটত আছিলোঁ৷ সেই সময়টোত চাকৰিৰ বাহিৰেও বহুখিনি সামাজিক কামত বাধ্যহৈ ব্যস্ত হ'বলগা হৈছিল৷
তেতিয়া গোলাঘাটত মিচিং কৗবাঙৰ সমপৰ্যায়ৰ গোলাঘাট মিচিং ৰুৱাদ কৗবাং, গোলাঘাট বাংকে আগম কৗবাং আদি আছিল৷ মই নতুনকৈ আহি থিতাপি লোৱাৰ পিছতে ৰাইজে ডাঙৰ সভা পাতি এখন আলোচনী উলিওৱাৰ দায়িত্ব দিলে৷ অৰ্থাৎ সম্পাদকৰ দায়িত্ব৷ কথামতে কাম হ'ল৷ বিভিন্ন জনে তেওঁলোকৰ লিখা-মেলা মোৰ তাত জমা দিলে৷ কোনোবা আহি টংকেন্বৰ লযিং ছাৰৰ কথাও ক'লে; কিন্তু মই তেখেতক তেতিয়া ভালকৈ নজনা কাৰণে বৰ এটা গুৰুত্ব দিয়া নাছিলোঁ৷
গোলাঘাটৰ ব্ৰহ্মপুত্ৰ প্ৰিণ্টিং প্ৰেছত মেটাৰখিনি জমা দিয়াৰ পিছত Dogné ত্ৰিভাষিক মিচিং আলোচনীৰ ছপাশালৰ কাম যথেষ্ট আগবাঢ়ি গ'ল৷ কিন্তু যেতিয়া পঁজি সংগ্ৰহৰ বাবে কেইবাবাৰো যোৱা হ'ল প্ৰতিবাৰতে আমাৰ সদস্যসকলে পিছত দিম বুলি কয়, আৰু যিখিনিয়ে দিলেও সেয়া আছিল যৎসামান্য৷ অন্ততঃ টকা পাঁচশ পাঁচশকৈও প্ৰতিজনে দিয়া হ'লে! কিন্তু কৌবাঙৰ সদস্যসকলৰ দেখোন তেনে আন্তৰিকতা নাই! মুঠতে গছত উঠিবলৈ দি গুৰি কটা কাৰবাৰ! কিন্তু মোৰ কি হ'ব? এবাৰ তদানীন্তন মন্ত্ৰী ভৰত নৰৰ ওচৰলৈ গ'লোঁ৷ মন্ত্ৰীয়ে পাঁচ হেজাৰ দিবলৈ লিখি দিলেও৷ সেইটো পিছে Directorate of Tribal Researchলৈ পঠাই দিলে৷ তাত বোলে Manuscript জমা দিব লাগে৷ তাৰমানে অনিশ্চিত আৰু দীঘলীয়া প্ৰচেছ৷ সিফালে প্ৰিন্টিং প্ৰেছত প্ৰিণ্টিং সমাপ্ত হ'লেই৷ এতিয়া উলিয়াই নানিলে প্ৰেছে মোৰ বিৰুদ্ধে কেছ দিব; গতিকে মোৰ দেউতাৰ নামতে প্ৰকাশ কৰি মই টকা ভৰিবলগীয়া হ'ল৷
সি যি কি নহওক, আলোচনী প্ৰিন্টিং প্ৰেছৰ পৰা উলিয়াই আনি উদ্বোধন কৰা হ'ল আৰু লোহিতমুখত অনুষ্ঠিত হোৱা মিচিং আগম কৌবাঙৰ বিশেষ অধিবেশনত পৰিবেশনৰ বাবেও পঠাই দিয়া হ'ল৷ কিন্তু আমাৰ বিশিষ্ট লেখক টংকেশ্বৰ লয়িঙৰ লেখা তাত প্ৰকাশ কৰিলোঁনে নাই? বহুদুনৰ পিছত যেতিয়া তেখেতৰ 'মিচিং বাদ্যযন্ত্ৰ' শীৰ্ষক প্ৰবন্ধটো ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ, তেতিয়াহে তেখেতৰ প্ৰতি ভক্তিত গদ গদ হৈ পৰিছিলোঁ৷
Lé:lo:-marbang আদি শব্দ ব্যৱহাৰ কৰি যিটো 'মিচিং বাদ্যযন্ত্ৰ' নামৰ প্ৰবন্ধ লিখিলে আজিলৈকে কোনো মিচিং ক'ব জনা ব্যক্তিয়েও তেনে মৌলিক প্ৰবন্ধ লিখিব পৰা নাই৷
টংকেশ্বৰ লয়িঙৰ আগলৈকে মিচিং ভাষা ক'ব নজনা মিচিংসকলে ভাষাটোৰ ওপৰত ব্যুৎপত্তি লাভ কৰাৰ অভিলেখ ভঙ্গ(Record break) কৰিবলৈ আগবঢ়া নাছিল৷ তেওঁলোকে আন্তৰিকতাৰে চেষ্টা নকৰাকৈয়ে নিজকে নোৱাৰোঁ বুলি এনেয়ে ভাবি লৈছিল৷ এতিয়াৰ বিলাকেও হয়তো ভাবি লয়৷ আমি আহ্বান জনাইছোঁ, তেওঁলোকে টংকেশ্বৰ লয়িঙক আদৰ্শ হিচাপে লৈ কঁকালত টঙালি বান্ধি ওলাই আহক৷ যোগেশ লয়িং ডাঙৰীয়াৰ অনুৰোধত বিশেষকৈ তেওঁলোক(মিচিং ভাষা ক'ব নজনাসকল)ৰ বাবেই আমি 'মিচিং ভাষা-শিক্ষা' বহুত পৰিশ্ৰম কৰি যুগুতাই উলিয়াইছোঁ৷
আমি আহ্বান জনাইছোঁ, সকলোৱে আন্তৰিকতা, একাগ্ৰতা, জাতীয়তাবোধ আৰু জাতীয় আবেগ বা Sentiment-ৰে সৈতে মিচিং ভাষা শিকিবলৈ আগবাঢ়ি আহক; নিজৰ ঘৰত অন্য ভাষাত কথা নাপাতি কেৱল মিচিং ভাষাত কথা পতাৰ পৰিৱেশ ৰচনা কৰক৷ তেতিয়া চাব, ভাষাটো সহজে জানি উঠাত সফল হৈছে৷ সকলোটিলৈ শুভকামনা আৰু শুভেচ্ছা থাকিল৷ শুভমস্তু!
No comments:
Post a Comment