এখন নোখোলা চিঠি
মূল: চেমফ্ৰি কিমি ফাংখো
অনুবাদ: কিশোৰ কুমাৰ দাস
প্ৰতিটো শুকুৰবৰীয়া হাটৰ বাবে
আমি তামহিদিৰ মালা বনাইছিলোঁ
এটাকৈ ফুল ছিঙিছিলো
ইমান যে কোমল আৰু মৰমলগা
এতিয়া হৰিচান হাটলৈ নামিছে মৌনতা।
বহুদিন হ’ল আমি লগ পোৱা
তুমিয়েই কৈছিলা যে
প্ৰতিজ্ঞাৰ ওজনে কথাবোৰ আৰু গধূৰ কৰি তোলে।
আৰু সম্ভৱ নহয়
তোমাৰ পথটো উজ্বলাই দিয়া
নদীৰ পৰা পানী অনাৰ পৰত
পিঠিত লংথে লৈ।
টোকা:
হাট: এখন গ্ৰাম্য বজাৰ
তামহিদী: মৰমলগা ফুল ফুলা এজোপা বনৰীয়া গছ হৰিচান: কাৰ্বি আংলং লাংথেৰ পূব দিশৰ সমভূমি অঞ্চল
লাংথে: পানী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দীঘল বাঁহৰ নলী
*****
ঠিকনা:
কিশোৰ কুমাৰ দাস
গাঁও: আলোকপুৰ
ডাকঘৰ: মিলনপুৰ
পিন: ৭৮১৩৩৭
নলবাৰী
অসম
মবাইল নম্বৰ: ৮৬৩৮২১৫০৯০
ইমেইল: kkdas0112@gmail.com
kkdas014@gmail.com
No comments:
Post a Comment