তোমালোকলৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

তোমালোকলৈ


তোমালোকলৈ

নীলিম কুমাৰ


মোৰ কামিজটো ফালি-চিৰি 

তোমালোকে কি কৰিবা

ক্ষত-বিক্ষত হৈ থাকিবলৈ মই 

কেতিয়াবাই শিকিলো, 

নখৰ তলত মোৰ 

বালিচৰ কেতিয়াবাই গজিলে


মোৰ চকুপানীৰ পুখুৰীটোত 

হাতখন ডুবাই চালো 

মোৰ আইৰ মৃত্যুৰে 

চেঁচা হৈ আছে

চকুপানী


মাজে মাজে মোৰ মৃত্যুৱে 

আগতেই আহি 

আইৰ সতে কথা পাতে


দুখৰ দীঘল গান এটি হৈ 

চকু পানীৰ পুখুৰীটোৰ পাৰতে 

বহি থাকে 

জন্মিয়েই মৰি যোৱা 

মোৰ ভনী জনী


ক্ষত-বিক্ষত হৈ থাকিবলৈ 

কেতিয়াবাই শিকিছো

দোকানীবোৰক সোধা

এটি মুদ্রাও ধাৰ লোৱা নাই


শীতবোৰ যাপন কৰিবলৈ

কেতিয়াবাই জানিলো,

শিলনীত শুবলৈ 

কেতিয়াবাই শিকিলো,

অনিদ্ৰাৰ পাৰে পাৰে

কোনে মোক চিনি পায় ?

মই অনিদ্রাত দেখা সপোনবোৰক

জানে কোনে ?


গছবোৰক এৰি বতাহে 

মোৰ লগতে পাতে ৰাতি ৰাতি, 

মানুহবোৰৰ টোপনি আহিলে 

তৰাবোৰে নামি আহি 

মোৰ বিচনাতে পৰি থাকে, 

পুৰনি বান্ধৱীৰ দৰে জোনজনীয়ে 

বহি থাকে মোৰ মূৰ শিতানতে,

ডাৱৰবোৰে দৰব তুলা লগায় 

মোৰ ক্ষতবোৰত


মোৰ কামিজটো ফালি চিৰি 

তোমালোকে কি কৰিবা 

ক্ষত-বিক্ষত হৈ থাকিবলৈ 

কেতিয়াবাই শিকিলো


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages