মেডিকেল লেবৰেটৰী টেকন’লজি
(Medical Laboratory Technology) পাঠ্যক্রম
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান ভাৰতবৰ্ষত মেডিকেল লেবৰেটৰী টেকন’লজি এটা আকৰ্ষণীয় পাঠ্যক্রম । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত মেডিকেল লেবৰেটৰী টেকন’লজিৰ পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িব ধৰিছে । চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন'ষ্টিক চেণ্টাৰ, লেবৰেটৰী, আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে । ক্লিনিকেল লেবৰেটৰী পৰীক্ষাৰ ব্যৱহাৰৰ জৰিয়তে ৰোগ ধৰা পেলোৱা, নিৰ্ণয় কৰা, চিকিৎসা কৰা আৰু প্ৰতিৰোধ কৰাটো মেডিকেল লেবৰেটৰী টেকন’লজিৰ পাঠ্যক্রমত সামৰি লোৱা হয়। এজন মেডিকেল লেবৰেটৰী টেকনিচিয়ানে প্ৰস্ৰাৱ, মল আৰু শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ পৰীক্ষা, অণুজীৱৰ পৰীক্ষা, ৰাসায়নিক বিশ্লেষণ, মানৱ শৰীৰৰ কোষ গণনা আদি পৰীক্ষা কৰে আৰু মেডিকেল টেকন’লজিষ্টৰ তত্বাৱধানত চিকিৎসা পৰীক্ষাগাৰত কাম কৰে।
এজন সফল মেডিকেল লেবৰেটৰী টেকনিচিয়ান হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – বৈজ্ঞানিক মানসিকতা আৰু বিশ্লেষণাত্মক ক্ষমতা, পৰীক্ষাগাৰৰ যন্ত্ৰপাতিৰ জ্ঞান, কামবোৰ সঠিক ভাবে সমাপ্ত কৰা, কম্পিউটাৰ ব্যৱহাৰ কৰাৰ দক্ষতা আদি ।
মেডিকেল লেবৰেটৰী টেকন’লজিৰ ডিপ্ল’মা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল - ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী আৰু ইয়াত আসনৰ সংখ্যা ৬০ খন; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড় আৰু ইয়াত আসনৰ সংখ্যা ৫০ খন; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , শিলচৰ আৰু ইয়াত আসনৰ সংখ্যা ২০ খন; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট আৰু ইয়াত আসনৰ সংখ্যা ২০ খন আৰু ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, বৰপেটা আৰু ইয়াত আসনৰ সংখ্যা ১০ খন।
মেডিকেল লেবৰেটৰী টেকন’লজিৰ ডিপ্ল’মা পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ নূন্যতম ৪৫ শতাংশ , OBC/MOBC/SC/ST(P) আৰু ST(H) প্রাৰ্থীয়ে ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ৩ বছৰৰ ৰেহাই সুবিধা আছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হয় । এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকত আৰু অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত প্রকাশ হয় । সঞ্চালকালয়ৰ ৱেবছাইট ঠিকনাটি হ’ল -https://dme.assam.gov.in ।
ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত মেডিকেল লেবৰেটৰী টেকন’লজিৰ বিভিন্ন পাঠ্যক্রমত অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইট (https://dme.assam.gov.in)ত চাব পাৰে ।
মেডিকেল লেবৰেটৰী টেকন’লজিৰ ডিপ্ল’মা পাঠ্যক্রমৰ বাহিৰে স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম আছে । মেডিকেল লেবৰেটৰী টেকন’লজি পাঠ্যক্রমৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিব পাৰে ।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।
No comments:
Post a Comment