মিচিং ভাষা শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

মিচিং ভাষা শিক্ষা



 মিচিং ভাষা শিক্ষা

খগেন পেগু



যোৱা সংখ্যাৰ পৰা..


(দ্বাদশ খণ্ড)

                       

বৰফলাৰ ব্যৱহাৰ


     মি আগত লিখি অহাৰ দৰে নাম, উপাধি আদিৰ প্ৰথম আখৰ বৰফলা হ'ব৷ তেনেকৈ বাক্যৰ প্ৰথম আখৰ আৰু Abbreviationৰ আখৰবোৰ বৰফলা লিখাৰ ইংৰাজী ভাষাৰ ৰীতি আমি ইতিমধ্যে মানি চলিছোঁ৷ বৰফলাৰ ব্যৱহাৰ এনেকৈয়ে চলি থাকিব লাগে৷

     আনহাতে, আমাৰ কিছুমান শব্দ বিশেষ নাম হিচাপে, অথবা সাধাৰণ অৰ্থপ্ৰকাশ কৰা শব্দ হিচাপেও ব্যৱহাৰ হ'ব পাৰে৷ এনেক্ষেত্ৰত সাধাৰণ অৰ্থত ব্যৱহাৰ হ'লে বাক্যৰ মাজত সৰুফলা আৰু বিশেষ নাম হিচাপে ব্যৱহাৰ হ'লে শব্দটোৰ আৰম্ভনিৰ আখৰ বৰফলা হ'ব লাগে৷ যেনে—

সাধাৰণ অৰ্থত ব্যৱহাৰ হ'লেঃ


Silo do:nyé aipé ka:tardung(আজি ৰ'দ বৰ চোকা হৈছে৷) 

Méyum po:lo kardungku(কালি জোনটো আকাশত নতুনকৈ দেখা দিছে৷) 

Sinyíng pédongé bojéko otomang(এই বছৰ বৰষুণ বৰকৈ নিদিলে) ইত্যাদি৷ 

     কিন্তু বিশেষ নাম হিচাপে ব্যৱহাৰ হ'লেঃ

Ané Do:nyi(মাতৃ সূৰ্য), Abu Po:lo(পিতৃ চন্দ্ৰ), Pédong ané(বৰ্ষা মাতৃ বা আই বৰষা) ইত্যাদি হ'ব৷


      এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে, Mibu gomang বা Mibu a:bang, কিংবদন্তি(সাধুকথা) আদিত সূৰ্য হ'ল Taléng abu(ওপৰ দেৱতা) আৰু পুৰুষ৷ তেওঁ হ'ল প্ৰথম মানৱ Abutani: ৰ ঘৈণীয়েক Karmi: বা Yasi:ৰ পিতৃ৷ তেনেকৈ কিংবদন্তি বা সাধুকথাত চন্দ্ৰ হ'ল সূৰ্যৰ ভাই-ককাই৷ 

      চন্দ্ৰ আৰু সূৰ্য দুয়ো ভাই-ককাই আছিল৷ এদিন দুয়ো সকাম খাবলৈ গৈছিল৷ সকাম শেষ হোৱাৰ পিছত সূৰ্যই মাকলৈ সকামৰ টোপোলা আনি দিছিল৷ চন্দ্ৰই দুষ্টামি কৰি মাকলৈ গু-বিষ্ঠাৰ টোপোলা আনি দিয়াত মাকে টোপোলাটো চন্দ্ৰৰ গালৈ দলিয়ায়৷ তেতিয়াৰ পৰা চন্দ্ৰৰ গাত চিৰদিনলৈ কলঙ্ক লাগিল৷ ইত্যাদি৷


নামৰ পিছত বিভক্তি আদি যোগ দিবলগীয়া হ'লে


       'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখনত এইটো কথাও কোৱা হৈছে যে, নামবাচক বিশেষ্যৰ লগত বিভক্তি আদি যোগ দিবলগীয়া হ'লে নামটোৰ পিছত সদায় এটা হাইফেন(-) দি লিখাটো ভাল হ'ব৷ এনে কৰিলে নামটো সদায় স্পষ্ট হৈ থাকিব আৰু বিকৃত হোৱাৰ অৱকাশ নোহোৱা হ'ব৷ যেনে—

Dilip-ké(দিলীপৰ), Dilli:do:pé(দিল্লীলৈ), Japan-élé(জাপানত বা জাপানৰ পিনে ), Hodiya-to/Hodiya:to(শদিয়াত), Jonai-do(জোনাইত), Kai Tarín-kolo:pé(ককাই তাৰৃণৰ তালৈ) ইত্যাদি৷

      উল্লেখযোগ্য no(আপুনি/তুমি/তই), bí(তেখেত/তেওঁ, স্ত্ৰী. তাই/সি), ngolu(আমি), nolu(আপোনালোক/তোমালোক/তহঁত), bulu(তেখেতসকল/তেওঁলোক/সিহঁত) আদি সৰ্বনাম মিচিং ভাষাত মানুহৰ নামৰ পিছত বিভক্তিৰ দৰে, অথবা বিভক্তি হিচাপে ব্যৱহাৰ হয়৷ নামৰ পিছত এই সৰ্বনামসমূহ যোগ দিবলগীয়া হ'লে নামটোৰ পিছত এটা হাইফেন(-) দি লিখাটো ভাল হ'ব৷ যেনে—


Tarín-no(তাৰৃণ তুমি), Tarín-bí(তাৰৃণে), Tarín-ngolu(তাৰণৰ সৈতে আমি), Tarín-nolu(তাৰৃণ তোমালোক), Tarín-bulu(তাৰৃণহঁত) ইত্যাদি লিখিব লাগে৷


/শ/,/ষ/,/স/ৰ ঠাইত H(হ)



     অসম সাহিত্য সভা, শিক্ষা, শিঙিমাৰি আদি শব্দত থকা /স/,/শ/,/ষ/ আদি আখৰৰ সমধ্বনি মিচিং ভাষাত পাবলৈ নাই৷ সেয়ে এনে আখৰযুক্ত শব্দবোৰৰ লিপ্যন্তৰ মিচিঙত সঠিককৈ কৰিব নোৱাৰি৷ S বা H ব্যৱহাৰ কৰি ওপৰৰ শব্দবোৰ আমি Osom Sahityo Sobha, Sikhya, Singimari; অথবা Ohom Hahityo Hobha, Hikhya, Hingimari আদি লিখিব পাৰোঁ৷ কিন্তু এনেবোৰ শব্দৰ ক্ষেত্ৰত মিচিংসকলে সাধাৰণতে s বা h ধ্বনিৰ সলনি শব্দৰ আদিত শ,স,ষ থাকিলে 'অ' আৰু মাজত বা শেষত থাকিলে 'ক' উচ্চাৰণ কৰা শুনা যায়৷ যেনে—Aito Oba, Okom ইত্যাদি৷ এই ক্ষেত্ৰত অসমীয়া শ,ষ,স আখৰৰ বাবে মিচিঙত নিয়মীয়াকৈ H(h) ব্যৱহাৰ কৰি Ohom Hahityo Hibha, Hikhya, Hingimari আদি লিখাৰ ৰীতি কৰিব পাৰি বুলি টাবুৰাম টাইদদেৱে 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখনত স্পষ্টকৈ লিখি থৈ গৈছে৷


La: বা lang, -manggom, -ma:mílo আদি


      la: বা lang, -manggom, -ma:mílo আদি কেইটামান অব্যয় মিচিং ভাষাত প্ৰত্যয় হিচাপে ব্যৱহাৰ হয়৷ এইবোৰ দৰাচলতে সম্পৰ্কিত শব্দটোৰ পিছত লগ লগাই লিখিব লাগে; কিন্তু অৰ্থলৈ চাই এইকেইটা অব্যয় আগৰ শব্দটোৰ লগত লগ লগাই নিলিখি আঁছুতীয়া শব্দৰ দৰে পৃথককৈ লিখাৰ এটা ৰীতি মানি চলিব পাৰি৷ যথাঃ


Ngo la: no(তুমি আৰু মই)

Koué lang ko:né:ngé(ল'ৰা আৰু ছোৱালীয়ে)

Ra:m-bí manggom Horibí(ৰাম নহ'লেও হৰিয়ে)

Silo ma:mílo yampo(আজি নহ'লেও কাইলৈ) ইত্যাদি৷ 

     la: বা langৰ পিছৰ শব্দটো k,g বা স্বৰবৰ্ণৰে আৰম্ভ হ'লে lang; আৰু বাকী সকলোখিনি ব্যঞ্জন বৰ্ণৰে আৰম্ভ হ'লে la: লিখিব লাগে৷ যেনে—


Do:nyi la: Po:lobí bíro kumsuko(দঃঞি আৰু পঃল দুয়ো ভাই-ককাই)

Ga:m-bí la: Talom-bí aríglo:pé gídag(গাঃম আৰু তালম পথাৰলৈ যায়)

Yakanéko lang genéko(এটা ক'লা আৰু আনটো সেউজীয়া)

Bénérko lang értokko(মতাৰোৱা আৰু মাৰলি) ইত্যাদি৷


আগলৈ……


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages