কবিতাৰ চলেৰে
কাজৰী কাকতি
তিনিচুকীয়া,জাগুন
মোমাই কটা গড়ঁ নহয় মোমাই কটা গড় পাছে
গঁড় যদি চোবা তুমি কাজিৰঙাত আছে৷
গুৱাহাটীৰ শুৰ নাই জাপানত পাণ
ভূপেন মামাৰ গীতৰ সুৰ আয়ত্ব কৰা টান৷
মংলদৈত দৈ হেনো পাবলৈ টান
সহজ নহয় শিকা গীতৰ লয় তান৷
হাটৰ পৰা আহিলৈ ধুবা ভৰি হাত
সকলোতে আদৰ পাবা দিলে মিঠা মাত৷
মাটি আনি মহেনে মাকক মাতিল
মাকৰ মাত নেপায় মাটিতেই বহি পৰিল৷
কিনো কম দিন কাল নহয় বৰ ভাল
দীন দৰিদ্ৰৰহে এমুঠি অন্নৰ আকাল৷
ভীমকল খোৱা যদি গাত পাবা বল
গাঁত খান্দি মইনাই খেলে মাৰ্বল৷
গাঁৱৰ জীয়ৰীয়ে তাঁতত সপোন ৰচে
ফুতচাই সানি লৈ পিচল মাছ বাচে৷
গাওঁ আমি জীবনৰ সুমধুৰ গান
গাঁৱতেই বিচাৰি পাবা বাৰীত তামোলপাণ৷
বটাত তামোল লৈ কইনাজনী আহিল
হাতে হাতে কইনালৈ বঁটা এটিও আনিল৷
No comments:
Post a Comment