মানৱতা
জুৰি গোস্বামী শৰ্মা
বাৰে বাৰে পিষ্ট হয় মানৱতা
দানৱীয়তাৰ বিক্ষিপ্ত গলিত
বতাহৰ সুহুৰিত ভাঁহি আহে
প্ৰাণৰ আৰ্তনাদ,
পাৰভগা জোৱাৰত হৃদয়ৰ হাহাকাৰ
জোনাকী ৰাতিটো ভয়
কিজানি আউসী হয়
পদপথত মৃত্যুৰ কিৰিলি,
আশাবোৰত কেৱল হুমুনিয়াহ
হতাশাৰ আৱেষ্টনীত কেৱল
ককবকাই জীৱনে
আৰু প্ৰতিটো নৱ উদিত সূৰুযৰ
হেঙুলী আভাৰ স'তে
অপেক্ষা কৰে সুন্দৰৰ,
মানৱতা লাঞ্চিত আজি বঞ্চিত আজি
বাৰে বাৰে উপক্ষিত আজি
তথাপি অপেক্ষা মানৱতাৰ
শুভ আলিংগনলৈ বুলি ।
No comments:
Post a Comment