অভিমান
জয়া বৰি
জীৱন জীৱন বৰ অনুপম
কোনে জানে কাইলৈ বা
থাকিম নে নাথাকিম...
এৰা...! ভবাই নাছিলোঁ বুলি
ক'বলৈওতো কিবা অলপ লাগে।
হয় অ', চঞ্চলাজনিৰ অস্থিৰ মনটো
বুজি পোৱাজনৰ অভাৱো যেন
কেতিয়াবা বৰকৈ অনুভৱ হয়,
চপৰা-চপৰে খহে মনৰ দলিচা
নাজানো আৰু কিমান দূৰ বা বাট....?
সময়ৰ তুলাচনীত সুখ-দুখবোৰ উঠা নমা কৰে,
কোৱাল সোঁতত অস্পষ্ট হৈ বৈ যায় বহু দূৰলৈ
তথাপিও আক্ষেপ নাৰাখি
বাট মেলো;
সাগৰ নীলা দুচকুত সপোন ভাঁহে
লাহে লাহে মনে-মনে...।
দাপোনখনক লৈও যেন
কেতিয়াবা বৰ অভিমানী হওঁ
চাটি-ফুটি যোৱা হৃদয়
বাসনাৰ চাকনৈয়াত;
অনিচ্ছাতো চুচুক-চামাককৈ
আকৌ চাওঁ
চূৰ্ণ-বিচূৰ্ণ হৃদয়ৰ জপনাখন
পুনৰ খুলি দিওঁ কিজানি
চেঁকুৰ মাৰেই.....!
No comments:
Post a Comment