সংখ্যাৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

সংখ্যাৰ কবিতা


সংখ্যাৰ কবিতা

হৰজোতি ৰেগন

মাজুলী


একে একে দুই 

নেদেখে  মনৰ জুই। 

দুয়ে  একে তিনি

তুমি মোক পোৱানে চিনি? 

তিনিয়ে একে চাৰি 

প্ৰচুৰ পৰিমাণে খাবা বাৰি। 

চাৰিয়ে  একে পাঁচ

ঢোলৰ চাপৰত কঁকাল ভাঙি নাচ। 

পাঁচে একে ছয়  

সঁচা কথা কবলৈ নকৰিবা ভয়। 

ছয়ে  একে  সাত 

বসন্ত আগমনত কুলি দিয়ে মধুৰ মাত। 

সাতে একে আঠ 

নিতৌ পঢ়িবা পাঠ। 

আঠে একে ন 

আঘোণত খাবা ন। 

নয়ে একে দহ

জ্ঞানৰ গৰাকী হ। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages