চছমা পিন্ধাটো এক কলা
মজনু মিলি
ধেমাজী
আজি বহু দিনৰ এক কৌতূহলৰ অন্ত পৰিল৷
মনত খূ-দুৱনি লগায় থকা প্ৰশ্নটোৰ উত্তৰ বিছাৰি পালো।
গাৱঁৰ ল'ৰা হিচাপে বয়সস্থ লোক সকলকহে চছমা পিন্ধা দেখি আহিছিলো।
চহৰৰ আলি-গলি চিনাৰ পৰা সৰু সৰু বয়সৰ ল'ৰা-ছোৱালীকো
এইডাল পিন্ধা দেখি ভাবিছিলো ইমান কম বয়সতে চকু বেয়া হয় না ?
লাহে লাহে গম পালো চকু ডাক্তৰে পৰামৰ্শ দিয়ে।
ফেছবুক,ৱাটছএপ,ইনষ্টা সামাজিক মাধ্যম অহাৰ পিছতটো
খাটাং হ'লো নিজক ফিট,ফাইন,হেণ্ডছাম,বিউটিফুল, লাভলী, ড্ৰেছ মেটছিঙৰ কাৰণেও চছমা পিন্ধে ৷
চছমা পিন্ধাও এক কলা।
যিখিনিত আপুনি মই পিছ পৰি আছোঁ।
No comments:
Post a Comment