আদিম আশাত বন্দী
গৌতম মালাকাৰ
কৰিমগঞ্জ
মানুহ নহৈ এছটা শিল হোৱা হ'লেই ভাল আছিল
হয়তো কোনো অনুভৱী শিল্পীৰ নিপুণ স্পৰ্শত
জীৱন্ত ভাস্কৰ্য হৈ প্ৰশংসিত হ'লোহেঁতেন
অনন্ত কাললৈ...।
এখিলা উকা কাগজ হোৱা হ'লেই ভাল আছিল
হয়তো কোনো দৰদী চিত্ৰকৰে বুকুত আঁকিলেহেঁতেন
তিৰবিৰ তিৰবিৰ কল্পনাৰ এআকাশ জোন-তৰা
নাইবা কোনো সু-লেখকে লিখিলেহেঁতেন
জীৱন যুঁজৰ হৃদয়স্পৰ্শী তটৰেখা।
এটি গানৰ কলি হোৱা হ'লেই ভাল আছিল
ঝুনুকা বজাই নাচিব পাৰিলোঁহেতেন
কোনো অপূৰ্ব সুন্দৰীৰ সুকোমল ওঁঠত!
বিশুদ্ধ সৌৰভৰ ৰূপৱতী ফুল হোৱা হ'লেই ভাল আছিল
প্ৰাণ আহুতি দি কানাইৰ চৰণত পৰি
জুৰিব পাৰিলোহেঁতেন সৃষ্টিকৰ্তাৰ অভিবন্দনা।
চন্দ্ৰ-সূৰ্যৰ পদচিহ্ন গণি গণি
আদিম আশাত বন্দী হৈ আছোঁ,
তীৰ্থ তীৰৰ কাউৰী হৈ......!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment