মই নিশাৰ
সপোনবোৰ লিখোঁ
ড° কষ্ণ বনিয়া
মই প্ৰতি গভীৰ নিশা নীৰৱে
কিবা এটা লিখিবলৈ চেষ্টা কৰোঁ
লেখাত কিজানিবা নিশাৰ সপোনবোৰ দেখোঁ
সেই সপোনবোৰক লৈয়ে
মই লিখি গৈ থাকো
কাৰ বাবে নাজানো
জীৱন গথা এটা ডাঙৰ কলা
মই অংকন কৰা কিবা
মই সেই প্রতি নিশা লেখোঁ
জীৱন সুৰসমলয় সৃষ্টি কৰিবলৈ
মই মাথো লিখি যাওঁ
কাৰ বাবে, মই নাজানো
কিন্তু তথাপিও, প্রতিনিশা
মই কিবা লিখোঁ
নীৰৱে
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment