নিশ্চুপ হৈ ৰওঁ
ৰিংকুমণি বড়া
ঢকুৱাখনা
আৰ্তনাদে আজি বিন্ধে বুকু
নিশ্চুপ হৈ ৰওঁ
দুপাখি ৰাঙলী কৰি আজি শান্তিৰ চৰাই
ঢপঢপাব ধৰে জনতাৰ বুকুত
নিশ্চুপ হৈ ৰওঁ
শ্লোগান শেষ, আন্দোলন শেষ,মহামাৰীৰ বিভিষিকাও শেষ
শেষ নহ'ল মাথোঁন আইৰ আঁচল খহোৱাৰ মন্ত্ৰণা
নিশ্চুপ হৈ ৰওঁ
তেজাল ডেকাই আজি ঘৰ এৰি দেশান্তৰ
কোনোবা ভনীয়ে এন্ধাৰত খহাইছে বুকুৰ আঁচল
অনিশ্চয়তাই পিষ্ট কৰিছে দেশৰ ভৱিষ্যত
নিশ্চুপ হৈ ৰওঁ
যি দেশত বুকুৰ কেঁচা তেজৰ
নুবুজে ভাষা
যি দেশৰ উকা পথাৰে চিঞৰে
নিষ্কৰ্মা....... নিষ্কৰ্মা...... অসমীয়া......
যি দেশত
আশা নাই.... ভাষা নাই..... সম্পদ নাই
যি দেশত মই
নিশ্চুপ হৈ ৰওঁ
আৰু আপুনি
আপুনিও গান্ধীজীৰ তিনি বান্দৰৰ দৰে
কাণ, চকু, মুখ বন্ধ কৰি
এটা সাধু কথা লিখাৰ কুচ-কাৱাচ কৰক
অসম নামেৰে এখন দেশ আছিল..... সোণৰ দেশ
অসমীয়া বুলি এটা ভাষা আছিল....
ব্লা........ ব্লা.......... ব্লা........
সেই সাধু কথা শুনি আপোনাৰ উত্তৰসুৰীয়ে যেতিয়া সুধিব
সেই দেশত ৰজা আছিলনে ৰজা.......
আৰু আপুনিও তেতিয়া নিশ্চুপ হৈ ৰব
এৰা
বুকুৰ তেজেৰেনো কিমান চিঞৰিব !
আমাৰ এটা কলম লাগে
যি বুকুত সাহস..... চকু স্ফুলিঙ্গ
আৰু কন্ঠত মেঘৰ গৰ্জন লৈ চিঞৰি চিঞৰি কব
উলংগ ৰজা তই উলংগ.....
শিলৰ চোলা পিন্ধা আশা এৰ.....
নহ'লে যে..... জাতিৰ অভিশাপে....
তোকো নেৰিব।
নুবুজে..... আপুনি....... নুবুজে......
আপুনি....... নেদেখে.......
তথাপি....... তথাপি আজি মই
নিশ্চুপ হৈ ৰওঁ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment