এদিন মোৰো প্ৰেম হৈছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

এদিন মোৰো প্ৰেম হৈছিল

 


এদিন মোৰো প্ৰেম হৈছিল

কাৰ্চাং তাকাৰ

লখিমপুৰ


বকুলৰ তলত বৰষুণত তিতি

এটি চিগাৰেটৰ ধোৱাঁৰে যেন অলৌকিক,

তুমি নাচালেওঁ মই চাইছিলো

গুলপীয়া ওৰণিৰে মুখ ঢকা চাৱনিক ॥

আঘোণৰে সোণালী ধান চপোৱাৰ কথাবোৰ

তোমাৰ নামেৰেই চন্দ্ৰবিন্দু ,

মই নাই ,তোমাৰ প্ৰেমো নাই

এতিয়া অৱসান প্ৰেমৰ নৈ'ত॥


কথাবোৰ দূৰণিয়া তৰাৰ দৰে হ'লগৈ

জিকমিকাই থক‍া দেখো চুবহে নোৱাৰা হ'ল


একচেটীয়া বতাহৰ কোবালত 

মেঘৰ বৰষুণ হোৱাওঁ দেখো

শৰতত শেৱালীৰ সুবাসো পাওঁ ,মই পাগল সুগন্ধিত

কেতিয়াবা দূৰৈনিৰ পৰা চালে কহুৱাৰ মাতো শুনো,


জানোচা!

সিহঁত মনত পেলাব খোজে

সিদিনাৰ প্ৰেমৰ  নীলা-খামৰ চিঠিখিনিক

সেই যে মই লিখিছিলো "নিবেদিতা"ক লৈ

তুমি জোনাক  বুলি 

 কাৰণ

বলিয়া বিহুৰে অগাধ ঢুলীয়া প্ৰেমিক জানো নাছিল।


ফোনঃ ৬০০২০৭৬৮৮৬


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages