তই উলটি যা দদাইটি
মনোজ ঠাকুৰীয়া
দদাইটি ঐ,
হৌ হৌকৈ হাল খেদি
ৰাজপথত আন্দোলনৰ খেতি তই নকৰিবি
তই জানো কাছিৰ ডাবেৰে ধান দাব পাৰিবি?
যা যা দদাইটি,
তই পথাৰলৈকে যা
নাঙলৰ মুঠিত টানকৈ ধৰ
ৰঙাৰ নেগুৰ পকা
টিকাত মৃদু ঢকা এটা দি ক-
হেই ঘুৰ ঘুৰ পখৰা....৷
দদাইটি ঐ,
যা যা, পথাৰত সোনগুটি সিঁচ
সৰিয়হ এডৰা কৰ, মাহনিত পৰ দে,
হালধি পোত, বিলত জুলুকি বা
বিহুগীত গাই গাই গৰুকে চৰা,
ভগা জপনাখন নতুনকৈ সাজ....
আহ বুলিলেই ৰাজপথত নানামিবি
আন্দোলনৰ খেতিত শিয়ালহে ৰজা
শিয়ালেহে জানেযে
কাচিৰ ডাবেৰে ধান দাব পৰাৰ যাদুকৰী কলা৷
তই ঘৰলৈ যা, ঘৰলৈ যা ঐ দদাইটি
বাৰীখনত সোমা, কল-তামোলত মাটিকে দে,
পাণৰ আগ পোত, শাকনিডৰা নিৰা,
পুখুৰিত পোনা মেল
হাহ-চৰাই, গাহৰি-ছাগলীত মনোযোগ দে...
অন্যথা আজি যদি আধাপেটি
কালিলৈ লঘোন জানিবি৷
বাহনি কেইডৰা এনেই পৰি আছে
কাঠি-কামি কৰি হাটত বহিলেও
খালী হৈ নাথাকে হাত
দদাইটি,
নিজক চিনি পালে
নিজেই দেখা পাবি জীৱন জীনাৰ বাট৷
নেৰিবি নেৰিবি ঐ দদাইটি,
কোন সতে এৰিবি
যি কান্ধত উঠি ঘৰলৈ যায় তোৰ পথাৰৰ লখীমি
সেই কান্ধ তই শিয়ালক ভৰি থৈ উধাবলৈ নেৰিবি
উচতাই জোল খাব সিহতি
তই কিয় পুলিচৰ লাঠিক পিঠি পাতি দিবি
কিয় বুকু পাতি লবি গুলি৷
তই হোলাৰ ভাই মূলাই কিটোনো বুজি পাইছ
চল চাই কঠিয়া সিঁচি ৰাজপাতৰ ফন্দি
ৰজা হৈ তোক চিনি জানো পাব...
ভাত বিছাৰি ৰাউচি জুৰিলে
মিছাতে জিভাটোকে হেৰুৱাবি৷
সেয়ে-
তই উলতি যা দদাইটি
তই উলটি যা দদাইটি৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment