আশা
হিতেন দাস
আশাবোৰ আজি মোৰ সপোন হ'ল ।
সময়বোৰ মোৰ বাবে যেন হেৰাই থাকিল ।
জীৱন বাটত লগপোৱা সকলে
মোক কেতিয়াবা শুধে ,
তই ক'ত ?
তেতিয়া হয়তো নিজকে মই প্ৰশ্ন কৰো,
হয় মইনো ক'ত ?
কান্দিবলৈ মন যায় মোৰ,
কিন্তু কান্দিব নোৱাৰো।
হয়, মই ক'ত ?
তথাপি জীয়াই থাকো মই
নিৰিবিলি এই সন্ধিয়াত
জীৱন জীয়াই থকাৰ আমোঘ বিচাৰি ।
No comments:
Post a Comment