প্ৰেমৰ সংজ্ঞা বিচাৰি
শৰৎ পেগু
আজীৱন প্ৰেমৰ সংজ্ঞা বিচাৰি
ব্যস্ততাৰ মাজত হেৰাই গৈছিল
মোৰ সপোনবোৰ
জোনাক ৰাতি স্নিগ্ধ বতাহজাক
হৃদয়ৰ পঁজাঘৰত
কেতিয়া ডুমুকি মাৰিলে সংগোপনে
গমকে নাপালোঁ ।
বিশাল বুকুৰ কক্ষত
প্ৰেমৰ সান্নিধ্য
আকৌ এবাৰ জ্বলি উঠিছিল
হৃদয়ৰ এগছি চাকি ।
উজাগৰী নিশা তোমাৰ উশাহত
ৰচিছোঁ বহু কবিতা ।
আমাৰ হৃদয়ৰ অনুভৱ
মৰম ভালপোৱা
চিন্তা-অনুভূতি একেই
ভখাসি লগ লাগিব নোৱাৰোঁ
এই মধুৰ প্ৰেমৰ সম্পৰ্ক
স্মৃতি হৈ ৰ'ব
তোমাক লগ পোৱাৰ হেঁপাহ
চিৰকাললৈ…
No comments:
Post a Comment