স্বপ্ন কি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

স্বপ্ন কি

 


স্বপ্ন কি !

চন্দ্ৰপ্ৰভা

গুৱাহাটী


প্ৰশ্ন কৰিছিল সময়ে

স্বপ্ন কাক বোলে ?

ঈশ্বৰে মুখলৈ চাই

হাঁহি হাঁহি ক'লে

স্বপ্ন মৃত...!

জীৱিত ইচ্ছাৰ মৃতদেহৰ নাম 

যিবোৰ পৰি থাকে 

চেতনাৰ পাৰত 

আৱৰ্জনাৰ দৰে...

স্বপ্ন বিলাস ...!

স্বৰলিপিবিহীন আৱেশাৰ্ত

তৰংগহীন নিশাৰ যন্ত্ৰণা

আত্মদহনৰ অদ্ভুত তাড়না

বেজাৰ ৰঙী বাসনাৰ বিড়ম্বনা

স্বপ্ন জীৱিত !

জীয়াই থকাৰ নাম

যিবোৰ জীয়াই থাকে

দগমগাই সংগোপনে 

কুৰুকি-কুৰুকি ইচ্ছাৰ ভিতৰত

পৰম হেঁপাহেৰে...

পৰম যত্নেৰে...

পৰম আদৰেৰে...

পৰম সন্তোষেৰে...!!!


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages