বাটৰুৱা
উদয় শংকৰ বৰা
বুকুত এমুঠি সাহস গোটাই
আগবাঢ়িছো জীৱন নামৰ
সেই অজান পথত ,
এটি অচিনাকি ঠিকনা বিচাৰি ৷
পণ লৈছো উভতি নোচোৱাৰ
হেৰুৱা নেহেৰুৱাক সুৱৰি যোৱা
স্মৃতি বোৰলৈ ৷
সন্মুখত আছে মাথো এটি অবিৰত , অচিনাকি পথ ,
যাৰ বাটৰুৱা মাথো মই ,কেৱল মই ৷
গঢ়িব খুজিছোঁ কিছু নতুন স্মৃতি
এই নতুন যাত্ৰাৰ ৷
আঁকিব খুজিছো এখন নতুন ছবি ,
বুলাব খুজিছো সুখ দুখৰ কিছু নতুন ৰঙ ৷
জীৱন পথৰ জিৰনীচৰাত কেতিয়াবা লগপালে কথা পাতিম ৷
নানাৰঙী স্মৃতিৰ অবিৰত যাত্ৰাৰ কিছু চিৰযুগামীয়া মুহুর্তৰ ৷
তেতিয়ালৈকে বুকুত হেপাহ বান্ধি ,
সপোনৰ ভাৰ পিঠিত তুলি
আগবাঢ়িম
"জীৱন নামৰ অজান পথত এটি অচিনাকী ঠিকনা বিচাৰি !!! "
No comments:
Post a Comment