গোলাপ নহয় জুই ফুল হে
জ্যোৎস্নাৰাণী বেগম
পাঞ্জাবাৰী,গুৱাহাটী
তোমাৰ অপেক্ষাত আৰু কিমান দিন
প্ৰতি নিশাই কিমান পুৰি মাৰিবা
প্ৰতাৰিত ৰাতিবোৰ কেতিয়া পুৱাব
মোৰ আবেগত কেতিয়া স্বাক্ষৰ কৰিবা
তোমাৰ ৰঙচুৱা ফুল হৈ ফুলি থকা হৃদয়খন
মই গোলাপ বুলি ভাবি ভুল কৰিছিলোঁ
যিমান ওচৰ চাপি যাওঁ সিমানেই
মোৰ কলিজা পুৰি জাহ যায়
গোলাপ নহয়--------
জুই ফুলহে ফুলি আছিল
পিতায়ে কোৱা কথা মনত পৰিছিল কৈছিল চিঙি আনিব পাৰি যদি গোলাপ চিঙিবি
আচোৰ খালেও তাৰেই পাততে
দৰব বিচাৰি পাবি
জুই ফুলৰ মোহত বন্দী নহʼবি
দগ্ধ হৈ নিজেই শেষ হৈ মʼৰিবি।।
ফোনঃ 7086437876
No comments:
Post a Comment