বিষাদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

বিষাদ


বিষাদ

লহৰজ্যোতি মৰাণ



ভালপোৱা জানো 

বিষাদ হ'ব পাৰে ?

তুমি দিয়া সেই ভালপোৱাৰ প্ৰস্তাৱ

পাহৰিচা চাগে নহ, 

তুমি-মই কৈ আমি 

এটি প্ৰেমৰ ঘৰ সজাৰ 

কথা আছিল। 

তুমি সন্মতি দিছিলা 

কিন্তু ...

কিয় আকৌ 

প্ৰতাৰণা কৰিলা;

নতুনক আদৰি পুৰণিক 

পাহৰি পাৰি জানো জীয়াই থাকিব। 

এবাৰো নপৰিব নে মনত ?

মোৰ লগত কটোৱা 

অতীতৰ 

ৰোমাঞ্চিত মহুৰ্তবোৰ 

পাহৰিব পাৰিবানে তুমি

অতীতৰ স্মৃতি ?

মই নোৱাৰিম আৰু তোমাক বুজাব

তুমি কাষত থাকিলে; 

জীয়াই থাকি ভাল লাগে।

মই উপলদ্ধি কৰো 

তুমি নকৰা 

সেইবাবে বিষাদ! 

আৰু একো নকবা 

মোৰ চকুপানী 

মই নিজেই মচি ল'ম

সিমানকণ শক্তি মোৰ আছে।। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages