দেউতা
দীপিকা ফুকন
গোলাঘাট
(দেউতাৰ স্মৃতিত)
নিয়তিৰ বিধান!
তালৈকে ইমান প্ৰস্তুতি!
তুমি গ'লাগৈ
দি গ'লা এসাগৰ আশীৰ্বাদ
বুকুভেদি আজিও আহে
বিষাদৰ হুমুনিয়াহ!
বৰগছ হৈ ছাঁ দিবি সকলোকে
এই বুলি ক'বলৈ
কোনো নোহোৱা হ'ল!
তুমি হেনো সৰগৰ বাসিন্দা
মই পতিয়ন যাব নোৱাৰোঁ
এটি তৰা হৈ
আকাশত জিলিকি আছা বুলিও নাভাবো
কুটিল নিয়তিত
জীৱন-যন্ত্ৰনা
কিমান সহিবা
সামৰি জীৱন নাট
সেয়ে গুছি গ'লা
মোক দি গ'লা বিপুল সম্ভাৰ
সেই সম্ভাৰেৰে আজি চহকী মই
দি গ'লা অসীম শক্তি
সেই শক্তিৰে মহীয়ান মই
তোমাৰ যশস্যাৰে
সেয়ে আজি গৰ্বিত মই
মোৰ সম্ভাৰ মোৰ শক্তি
মোৰ গৰ্বৰ উৎস
মোৰ পিতৃ!!!
No comments:
Post a Comment