প্ৰেম বিষাদৰ এক নাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

প্ৰেম বিষাদৰ এক নাম


প্ৰেম

বিষাদৰ এক নাম

অনুস্মিতা ফুকন

         


হাতৰ তলুৱাৰে উশাহবোৰ সৰকি যোৱাৰ দৰে 

বিশ্বাসৰ অলংকাৰো এপদ-এপদ কৰি সুলকি পৰে

যেতিয়া প্ৰেমে অন্ধহৈ মাথো নিজকে চিনে


প্ৰাপ্তিৰ সুখবুলি বুটলিলোৱা

সময়ো এদিন অতীত হৈ যায়

কেৱল

স্মৃতি বুলিবলৈ মনৰ ভিতৰত কিছু গোপন ছবিহে ৰৈ যায়


পোৱা-নোপোৱাৰ হিচাপত বহু উজাগৰি নিশা পাৰ হয়

মাথোন

সুখ বুলি  শিতানৰ গিলিপে চকুলো বোৱায়


বাস্তৱৰ জখলাডালত 

এতিয়া ভালপোৱাৰ সংজ্ঞাই মৰম বিচাৰি হাহাকাৰ কৰি থকা বহু প্ৰেমিকৰ হিয়াত নিৰৱে শুই যায়...।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages