বানে মৰা শ আনে বুলি জানো
ববী দত্ত
টীয়ক
ইখোজৰ পাছত সিখোজ গৈ আছোঁ
কেতিয়াবা লাহে লাহে কেতিয়াবা খৰকৈ
শ এটা কঢ়িয়াই লৈ ফুৰিছোঁ
ভাগৰি পৰিছোঁ ,ফোঁপাইছোঁ ,আজুৰিছোঁ গছৰ শিপা
থেকেচি চাইছোঁ শিল
সাজিছোঁ পানী মিঠৈ,
অথচ স্থবিৰ হৈ পৰা নাই জীয়া সূৰ্য।
পোৱাঘণ্টাৰ বাবেও কথা দিব পৰা নাছিলোঁ
ঘোঁৰা ৰখীয়া জনক
আজীৱন পিঠিৰ ফালে থাকিম বুলি
ঘোঁৰাৰ লেকাম ধৰিবলৈ তেওঁতো শিকোৱা নাছিল
শিকোৱা নাছিল কদৱত কদৱত
যাত্ৰাৰ ৰিদম।
গানে কি আনে নাজানো
বানে মৰা শ আনে বুলি জানো
বেলি হেলান দিয়াৰ পৰত ক্ৰমান্বয়ে শটোৰ ওজন বাঢ়ে
নিঃশেষৰ দিশত শৰীৰৰ হিমগ্লবিন কমে
তথাপি কঢ়িয়াই ফুৰিছোঁ গাভাৰী শ।
গন্তব্য স্থানত উপনীত হবই লাগিব বুলি নিশ্চয়তা আছে
জিৰণীবিহীন ভাবেই যাব লাগিব , ভাগৰি নপৰাকৈ
গুণগুণাই গুণগুণাই গাব লাগিব
তেজত উটা গান।
গানে কি আনে নাজানো
বানে মৰা শ আনে বুলি জানো।
No comments:
Post a Comment