বাটে ঘাটে শুনা কথাৰ সাধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

বাটে ঘাটে শুনা কথাৰ সাধু


 সাধু


বাটে ঘাটে শুনা কথাৰ সাধু

সংগ্ৰহঃ  বিজয় বৰি


   

 শিং গজা বেমাৰত ঘোঁৰাৰ মৃত্যু


   খন মিচিং গাঁৱত বিহাৰী সম্প্ৰদায়ৰ দোকানী এজন পৰিয়ালসহ বাস কৰি আছিল। তেওঁৰ দুজনী ঘোঁৰা আছিল। এবাৰ তেওঁৰ কন্যাৰ বিয়াৰ বাবে দীঘলীয়া সময়ৰ বাবে বিহাৰৰ ঘৰলৈ যাব লগা হৈছিল। তেতিয়া তেওঁৰ ঘোঁৰা দুজনী গাঁৱত চিনাকি মিচিং মানুহ এজনক চোৱা-চিতা কৰি দিবলৈ দায়িত্ব দি গৈছিল। মিচিং মানুহজনে ঘোঁৰাটো কিছুদিন ৰাখি আমনি লগাত বিক্ৰী কৰি দিলে। দুমাহ মানৰ পিছতবিহাৰী দোকানীজন বিহাৰৰ পৰা ঘূৰি আহি তেওঁৰ ঘোঁৰাটো বিচাৰিলে। তেতিয়া মিচিং মানুহজনে ক'লে ঘোঁৰাটো বিশেষ বেমাৰ এটাত আক্ৰান্ত হৈ মৰিল। বিহাৰী মানূহজনে ঘোঁৰা মৰাৰ কথাটো বিশ্বাস কৰিবলৈ টান পালে। সেইবাবে ঘোঁৰাটো ক'ত মৰিলে মৰাশটো চাব বিচাৰিলে। তেতিয়া মিচিং মানুহজনে বাৰিষাৰ সময়ত বানপানীত মৰি যোৱা মহৰ দুটা শ দেখুৱালে। তেতিয়া বিহাৰী দোকানীজনে ক'লে এইটো শিং আছে দেখুন, মোৰ ঘোঁৰাৰ শিং নাছিল। তেতিয়া টেঙৰ মিচিং মানুহজনে ক'লে শিং গজাটোৱে বেমাৰ। শিং গজিয়ে আপোনাৰ ঘোঁৰাৰ মৃত্যু হ'ল। বিহাৰী দোকানীজন বিশ্বাস নকৰি উপায় নাইকীয়া হ'ল। 


(দুই)

এজন মানুহ আছিল। তেওঁ প্ৰায়ে মদ খাই ঘৰলৈ আহে। ইয়াক লৈ পতি পত্নীৰ মাজত কাজিয়া হয়। মানুহজনীৰ অভিযোগ হ'ল তেওঁৰ স্বামীয়ে লগ সংঘৰ সৈতে আনন্দত মদ খাই ঘূৰি ফুৰিব, ইফালে তাই অকলে ঘৰত সোমাই থাকি ল'ৰা ছোৱালীক চোৱা-চিতা কৰিব লাগে, পঢ়া-শুনাত চকু দিব লাগে। মানুহজনে এদিন বাহিৰত মদ নোখোৱাকৈ ঘৰলৈ আনি ঘৰতে খাবলৈ বহিল। লগতে তাৰ পত্নীকো অলপ খাবলৈ দিলে। কোনোদিনে মদ নোখোৱা পত্নীৰ মদ খোৱাৰ পিছত মাতা ঘূৰিল আৰু বমি কৰিবলৈ ধৰিলে। তাৰপিছত পত্নীয়ে ক'বলৈ ধৰিলে 'মদ খালে এনেকৈ হয় বুলি জনা হ'লে নাখালোহেঁতেন। মোৰ বহুত কষ্ট হৈছে।' তেতিয়া মানুহজনে ক'লে তুমিহে মই মদ খাই আহিলে আমি ফুৰ্তিত খাই বুলি কৈছিলা, এতিয়া দেখিলা আমি কিমান কষ্টত মদ খাও। আজিৰ পৰা মই বাহিৰত মদ খাই আহিলেও একো নক'বা।


 (তিনি) 


কেইদিনমানৰ আগতে এজন অশিক্ষিত মিচিং মানুহ এজনে পথাৰত ধান চাই ঘূৰি যোৱাৰ সময়ত তেওঁৰ এজন চিনাকী অসমীয়া ভাষীলোকক বাটত লগ পালে। অসমীয়া ভাষী লোকজনে মিচিং মানুহজনক ক'ত গৈছিল সুধিলে। তেতিয়া পথাৰলৈ গৈছিলো, ধানবোৰ চাই আহিলো বুলি উত্তৰ দিলে। পুনৰ অসমীয়া ভাষী লোকজনে সুধিলে ধান ভাল হৈছেনে, কাটিব হৈছে নেকি ইত্যাদি পথাৰৰ খবৰ ল'লে। তেতিয়া অশিক্ষিত মিচিং লোকজনে ধান গেৰধৰা আৰু টোক ওলোৱা বা টোক মেলা বুলি ক'ব নজনাৰ বাবে সঠিক উত্তৰ দিব পৰা নাছিল। সাধাৰণতে ধান গেৰধৰাক মিচিং ভাষাত "আ:ম বৃদু:বং" আৰু টোক মেলাক "বাদদু:বং" বুলি কোৱা হয়। আনহাতে বৃদুং শব্দৰ অসমীয়া অৰ্থ বুকুচা লোৱা আৰু বাদনামৰ অৰ্থ বমি কৰা। সেইবাবে মিচিং মানুহজনে বৃনাম আৰু বাদনামক প্ৰত্যক্ষভাৱে অসমীয়ালৈ অনুবাদ কৰি উত্তৰত ক'লে কিছুমান বোকোচা লৈছে, কিছুমান বমি কৰিছে। ইফালে অসমীয়া ভাষী লোকজনে মিচিং বন্ধুৰ কথাটো বুজিব নোৱাৰি ভেবা লাগি চাই ৰ'ল।


 (চাৰি) 


বাটে ঘাটে শুনা কথাৰ সাধু লিখিবলৈ যাওঁতে কেতিয়াবা নিজেও সাধুৰ নায়ক হৈ পৰোঁ। কিছুদিন আগতে আমাৰ ঘৰত কোনো নথকাৰ সময়ত এগৰাকী বাংলাভাষী মহিলা পূজাৰী আহিছিল। তাই অহাৰ সময়ত মই গাধোৱা ৰূমত গা ধুই আছিলোঁ। পূজাৰীজনীয়ে আমাৰ ঘৰলৈ আহিয়েই চিঞৰি মাত লগালে। কিন্তু ঘৰৰ বাহিৰত কোনো নথকাৰ বাবে তাইক মাত দিব পৰা নাছিল। সেইবাবে তাই বাহিৰতে কিছুসময় বহি আছিল। অৱশেষত মই গাধোৱা ৰূমৰ পৰা বাহিৰলৈ ওলাই অহা দেখি পূজাৰীজনীয়ে মোক সম্ভাষণ জনালে আৰু মোৰ বিষয়ে কিছুমান কথা ক'বলৈ আৰম্ভ কৰিলে। তাই কৈছিল — আপুনি বহুত সৌভাগ্যভান মানুহ, ধনী হ'ব পাৰিব, গাড়ী কিনিব পাৰিব, ডাঙৰ আট্ৰালিকা হ'ব, সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব, আপোনাৰ সন্তান ভাল হ'ব ইত্যাদি ইত্যাদি কথাৰে মোক বুলাবলৈ চেষ্টা কৰিলে। মই তাইৰ বেপেৰোৱ কথা বুজিব পাৰি ময়ো তাইৰ বিষয়ে জানিব বিচাৰিলো। তাই ক'লে মই বিয়া কৰাইছিলো যদিও বৰ্তমান বিবাহ বিচ্ছেদ কৰি আছো। মোৰ এজনী ছোৱালী আছে। 'বাবা'ৰ আশীৰ্বাদত পূজা পাতলৰৰ কাম কৰি জীয়াই আছোঁ। তাইৰ কথা শুনাৰ পিছত মই ক'লো – আপুনি এগৰাকী ভৱিষ্যতদ্ৰষ্টা যেতিয়া মোৰ বিষয়ে ইতিমধ্যে সকলো জানিব পাৰিছে, মোৰ ভৱিষ্যত অতি উজ্জ্বল। গতিকে আপুনি কষ্ট কৰি এইদৰে ঘূৰি থাকিব নেলাগে। মোৰ লগত বিবাহ কৰি সুখৰ জীৱন কটোৱা। ইফালে মোৰ কথা শুনি পূজাৰীজনীয়ে তৎক্ষণাৎ পলাই গুচি গ'ল। 


 (পাঁচ)


    আইনা আবিষ্কাৰ নোহোৱা আগৰ কাহিনী এটা ক'ব বিচাৰিছোঁ। পুৰণি কালত মানুহ এজনে হালবাই থকা অৱস্থাত আইনাৰ দৰে বস্তু এবিধ পালে। বস্তুটো চাওঁতে নিজৰ চেহেৰা দেখা পালে। তাৰ আগতে তেওঁ নিজৰ চেহেৰা দেখি পোৱা নাছিল। সেইবাবে এই চেহেৰাটো ইতিমধ্যে মৃত্যুবৰণ কৰা তেওঁৰ দেউতাৰ ডেকা কালৰ ফটো বুলি ভাবিলে আৰু আইনাৰ নিচিনা বস্তুটো ঘৰলৈ আনিলে। নিজৰ চেহেৰা চাব পৰা আইনা জাতীয় বস্তুটো ঘৰৰ এটা কোণত ৰাখি মাজে সময়ে চায়। এইদৰে চোৱাটো এদিন তাৰ পত্নীয়ে দেখা পালে। মানুহজন ঘৰত নথকা সময়ত এদিন তাৰ পত্নীয়ে বস্তুটো চালে, তেতিয়া নিজৰ চেহেৰাটো দেখি ভাবিলে এইটো দেখুন মোৰ ভনীৰ ফটো। তাই ভাবিলে মোৰ ভনীৰ লগত স্বামীৰ নিশ্চয় গোপন সম্পৰ্ক আছে। সেইবাবে তাইৰ ফটোখন এইদৰে লুকাই ৰাখি মাজে মাজে চাই থাকে। স্বামীৰ এই কাৰ্যত তাইৰ বহুত খং উঠিল আৰু স্বামীৰ ওপৰত গালি গালাজ কৰিবলৈ ধৰিলে। সেই সময়তে এজন বামুণ সিহঁতৰ ঘৰলৈ আহিছিল। মহিলাগৰাকীয়ে স্বামীৰ ওপৰত এইদৰে ভীষণ খঙত কিবা কিবি কৈ থকা দেখি বামুণজনে কাৰণ জানিব বিচাৰিলে। তেতিয়া এই আইনা জাতীয় বস্তুটো দেখুওৱালে। বামুণজনে বস্তুটোত নিজৰ চেহেৰা দেখি ভাবিলে এইটো দেখুন এজন বামুণৰ ফটো। এই বস্তুটো পূজা পাতল কৰিবৰ বাবে উপযুক্ত ফটো হ'ব। সেইবাবে বামুণজনে বস্তুটো মহিলাগৰাকীৰ পৰা খুজি আনি পূজা কৰাত লাগিল। 



ফোনঃ ৯৬১৩৬৮৮৮৫৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages