নীলা খামৰ চিঠি
জগত অৱনৰি
মৰমৰ ভাস্বতী,
বিষাদ গধুৰ সময়বোৰত নিৰৱে ভাৱি থকা মনৰ কথাবোৰ তোমাক শেষবাৰৰ বাবে জনাম বুলিয়েই হাতত কলম তুলি লৈছো।এটি সামান্য অজুহাতত তুমি তেতিয়া মোৰ পৰা আতৰি গৈছিলা তেতিয়া ময়ো বহুত অভিমানী হৈ উঠিছিলো।সিন্ধান্ত লৈছিলো যে তিল তিলকৈ শেষ হৈ গ'লে ও মোৰ মনৰ কথাবোৰ তোমাক আৰু কেতিয়াও জানিব নিদিওঁ।আনৰ অগোচৰে বুকুত একুৰা জীয়া জুই লৈ অভিনয় কৰি গৈছিলো সুখী হোৱাৰ।বহুৰাতি উজাগেৰে থাকি জুনবাইস'তে বিনিময় কৰিছিলো ৰিক্ত হৃদয়ৰ তিক্ত বেদনা বোৰ।শেৱালি ফুলা ৰাতি নঙলামুখত ৰৈ ওৰে ৰাতি অপেক্ষা কৰিছিলো,জানোচা তোমাৰ বাতৰি পাওঁ।শীতৰ কুৱঁলিত সেকিছিলো ভগ্ন হৃদয়ৰ কেঁচা ঘাঁবোৰ।মনৰ দুখবোৰ পাতলাবলৈ মদৰ ৰাগিত মাতাল হ'বলৈ আৰম্ভ কৰিলো।তোমাৰ অৱজ্ঞা প্ৰতিবাদ কৰিব মন আছিল যদিও প্ৰতিবাদ নকৰিলো অকল তোমাৰ সুখ কামনা কৰি।মোৰ স্খলিত চৰিত্ৰত লৈ সকলোৱে ৰটনা আৰম্ভ কৰিলে যদিও মোৰ আক্ষেপ কৰিব লগা একো নাছিল।ক্ষণ গণি গণি জীয়াই থাকিলো জীৱনৰ অন্তিম মুহূৰ্তলৈ।
অভিশপ্ত জীৱন এটি লৈ জীয়াই থকাটো কিমান যান্ত্ৰণাদায়ক তুমি চাগৈ নুবুজিবা।সময় পালে লুটিয়াই চাবাচোন অতীতৰ ডায়েৰীৰ পৃষ্ঠাবোৰ।সময় বালিত ৰৈ যোৱা নিবীড় ক্ষণবোৰ মনত পেলাবাচোন।প্ৰতিশ্ৰুতিৰ বন্যাৰে বোৱাই নিয়া সময়বোৰ কঠিন হৃদয়েৰে মোহাৰি পেলালা।অৱশ্যে দোষ তোমাৰ নাছিল,আছিল মোৰ; তোমাৰ প্ৰতিটো কথাকে কোনো প্ৰতিবাদ নকৰি মানি লৈছিলো।মোৰ সৰলতা খিনিৰ সুযোগ ল'লা।------------------
আৰু কথাই লিখিব থাকিল।লিখা নহ"ব চাগৈ।মোৰ অৱশ দেহটোলৈ তন্দ্ৰা নামি আহিছে।অচিনা-অজানা সিপাৰৰপৰা হাত বাউল দি মাতিছে মৃত্যু ধ্বনিয়ে।হয়তু এয়াই মোৰ অ-ন্তি---ম-------------------?
ইতি,
তোমাৰ শুভাকাংশী(অতীত)
No comments:
Post a Comment