এজন কবি কৃষ্ণকায়
ধন দাস
এজন কবি নীচাগ্ৰস্ত
এজন কবি শব্দভ্ৰষ্ট
তোমাৰ খিল খিল হাঁহিটো
উফ্ এখন ব্লেড
তোমাৰ বুকুৰ উপত্যকাত বহি
বৰশী বাই ধৰি আনিম তোমাৰ মাতটো
আৰু কাণত পিন্ধি ভাবুক হৈ শুনি থাকিম
বহুপৰ
এজন কবি দ্বিধাগ্ৰস্তকবিতাৰে
তোমাৰ বেড়িয়া দাঁতটোৰ সৈতে
গান এটা হৈ বাজি থকাৰ দুৰ্বাৰ হেপাহ
তোমাৰ কণ্ঠত
এজন কবি কৃষ্ণকায়
তোমাৰ কাজলপ্ৰীতিত
এন্ধাৰ বৈ পৰা চুলিত
কথা কৈ থকা দুচকুত
ঢৌবোৰ নিখোজ হয়
তোমাৰ নাকবালিটো
গোমা আকাশৰ পৰা অনা
যেন মোলান পৰা সূৰ্য্যটো
গানৰ কলি এটাত ওলমি আছে
তধা লাগি
কাজল সনা এখন চাদৰ
কপালত গ্ৰহণ লগা চন্দ্ৰটো পিন্ধি
আত্মবিভূৰ এটা গানৰ কলি
কবি স্থবিৰ
শুনি আছে ডুবি আছে
এপৰ দুপৰ বহুপৰ---
" কাজল নদীৰ
কাজল পানীত
কত ঢৌৱে নাচে
মেঘৰ হাঁহিত"
No comments:
Post a Comment