আজি ৰাতি মই দুখৰ তোৰণ সাজি আপং খাম
ত্ৰিৰঞ্জন টাইড
ঘূনাসুঁতি
শ্ৰদ্ধেয় ৰাইজ-,
আজি ৰাতি মই দুখৰ তোৰণ সাজি আপং খাম
আন্ধাৰৰ তোৰণ ভাঙি আপং খাম
গোটেই ৰাতি আপং খাম ,
আজিলৈকে -আমাৰ গাৱঁত যিমানবোৰ দুখৰ জলাশয় জমা হৈ আছে
সকলোবোৰ জলাশয় কলহে কলহে বাকি খাম
বাতিয়ে বাতিয়ে বাকি খাম
গ'ললৈকে ডিঙি ফুলাই খাম ডিঙি উপচাই খাম
যিহেতু আমাৰ গাৱঁত দুখৰ জলাশয় বাঢ়ি বাঢ়ি মোৰ বুকুত দুখৰ ভিৰ বাঢ়িছে
এনেকৈয়েই বাঢ়িছে
যেন কোনো খ্যাতনামা শিল্পীৰ সাংস্কৃতিক সন্ধ্যাত / মানুহৰ ভিৰ বাঢ়াদি বাঢ়িছে
উল্লেখ্য যে -
আমাৰ গাৱঁত দুখৰ জলাশয় বৃদ্ধি হোৱা বাবে মোৰ প্ৰেয়সীয়েও মোক বিবাহ বিচ্ছেদ ঘটাইছে ।
সন্মানীয় ৰাইজ--দায় দুখ নধৰিব
হয়তো আৰু অলপ পাছতে মোৰ মৃত্যুও হব পাৰে ?
যিহেতু আজি ৰাতি মই দুখৰ জলাশয় গিলি আপং খাম
গোটেই ৰাতি আপং খাম
ৰাতিৰ তোৰণ ভাঙি আপং খাম
ডিঙি উপচাই আপং খাম
দুখৰ জলাশয়ত
কলিজাটো ওপঙি যোৱাকৈ খাম
জিভা পাকখাই যোৱাকৈ খাম
০
খামেই খাম
আজিলৈকে আমাৰ গাৱঁত আমাক
যিমানবোৰ দুখে আমাৰ খবৰ খানি আছে
যিমানবোৰ দুখে আমাৰ চকুপানী বোৱাই আছে
সকলোবোৰ দুখ কলহে কলহে বাকি খাম
বাতিয়ে বাতিয়ে বাকি খাম
দুখবোৰ ফুৱাই
বেলিটোও জুবুৰিয়াই খাম
জোনটোও জুবুৰিয়াই খাম
বেলি বিচাৰি
সাৰ পাই উঠক পৃথিবী
বেলি বিচাৰি
সাৰ পাই উঠক মুৰব্বী ।
No comments:
Post a Comment