শিপাৰ খোজ
জোনমণি দাস
এটা এটাকৈ তৰাবোৰে তোমাক
এৰি থৈ যায়,
শিলাখণ্ডত তেজ বতিয়াই যেতিয়া
ঘুমটি যায় ৰাতি--
আনকি তেতিয়াও মই
চকুৰ এন্ধাৰখিনিত চলন্ত সময়ে
বৰণ সলোৱা দেখো।
কালি ৰাতিও সপোনত
হকিঙে হকী খেলি থাকোতে
নিউটন নাছিল।
কিন্তু,
মোৰ টোপনিৰ বীথিকাত আছিল
অসংখ্য আপেল গছ…
কোৱাচোন টোপনিয়াই থকা তৰাটোক ধৰিবলৈ
কোনে চিতিকা পাতিছিল?
কোনজোপা গছে খোজ কাঢ়ি কাঢ়ি
সৰাপাতত এৰি গৈছিল
শিপাৰ খোজ!
আপেল গছবোৰে মোৰ টোপনি ভাঙিছিল
শ'ল মাছ এটাই খলক দিছিল তেজৰ পলসত--
কথাটো কাণে কাণে কওঁ শুনাঃ
মৈথুনো মহৎ শিল্প।
No comments:
Post a Comment