পাইছা নে মোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

পাইছা নে মোক


পাইছা নে মোক ?

জয়শ্ৰী বৰা কলিতা

যোৰহাট



এন্ধাৰ আকাশত অকলে জ্বলি থকা তৰাটো 

বুকুত লৈ সাৰে আছো ,

গোমা ডাৱৰৰ মাজৰ এটুকুৰা মলিয়ন ডাঁৱৰে মোক শুব নিদিয়ে ,

এনেদৰেই কথাবোৰ আগবাঢ়ে মোৰ সৈতে ,

গোলাম আলিৰ গজলৰ দৰে 

পাক খােৱা স্মৃতিৰ সুৰ এটাত

মোৰ মন- মগজুৰ পৰা আঁতৰি যায় !


নিজক বিচাৰি আতুৰ হৈ তোমাক সুধো 

পাইছা নে মোক ? 

তুমি নিমাত---  হতবাক 

মই একো নুবুজো


তুমি ভাবিছিলা !

তুমিয়েই সকলো 

আৰু আজিৰ প্ৰশ্ন

পাইছা নে মোক ?

কেনা লাগে সকলো...


ভালপোৱা আবেগবোৰ নিৰাপদ মাথো বুকুৰ মাজত থকালৈকে...


মই যুজি আছোঁ

তুমি বুজি আছা 


মই সুধি আছোঁ 

তুমি শব্দবোৰ চিলাই আছা মনে মনে 


গজল এটা বাজি থাকে বুকুত 

হাংগামা হেঁ কিউ ভৰ্‌পা




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages