আঘোণৰ দাৱনী
শিখা হাতীবৰুৱা
যোৰহাট
হাতত কাঁচি
মুখত হাঁহি
আঘোণৰ দাৱনী তুমি
সুমথিৰা বৰণৰ দুগালত চিক্ মিক্ আঘোণ সোণোৱালী,
হাতৰ লাৱনীত
ধানথোকৰ ভৰপক মালিতাৰ গুঞ্জন
জুনুক জুনুক পকাধানৰ লিহিৰী লয়ত ...
ওঁঠত ৰ'দৰ ৰিবৰিব গান
মোক তোল মোক তোল পকা ধানৰ চেৱত
আঘোণীয়া বতৰত
দাৱনীৰ পৰাণ হেনো সোণবৰণীয়া ....
নাচনী বতাহৰ বা লগা গা
কেচা মাটিৰ গোন্ধত ইমান ধুনীয়া
আঘোণ বুকুৰ আপোন
দাৱনীৰ মৌসনা মাত
এপৃথিৱী চহা জীৱন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment