লক্ষ্য
গৌতম মালাকাৰ
কৰিমগঞ্জ
মেধাৱীবোৰে বৰ ডাঙৰ ডাঙৰ স্বপ্ন দেখে
সেই লক্ষ্যৰ বাবে সিহঁত একালব্য হৈ পৰে
সোণালী শৈশৱৰ পৰাই...
সিহঁতৰ সপোনৰ পৰিধি বাঢ়ি গৈ থাকে
স্বদেশৰ সীমা চেৰাই যায়, বিদেশলৈ গৈহে জিৰায়।
স্বদেশত তেনে সপোনে ঘোৰ অন্ধকাৰ দেখে
আন্ধাৰত মেধাৱীৰ সপোনবোৰে
বাট বিচাৰি নাপায়, অস্বস্তিত ককবকায়।
বিদেশৰ দ্ৰুত গতিৰ বতাহত
সিহঁতে নতুন জোন-বেলিৰ উমান পায়!
আমাৰ দেশৰ মেধাবোৰ ৰপ্তানি হয়
বছৰে বছৰে... প্ৰতি বছৰে।
স্বদেশৰ মুকুতাবোৰ বিদেশৰ সম্পদ হৈ উজ্বলে
বিদেশ মেধাৱীবোৰৰ স্বদেশ হৈ পৰে!
মেধাৱীবোৰে মাককো সহজতে পাহৰিব পাৰে
মাতৃতকৈ সিহঁতৰ সপোনবোৰ বহু গুণে ডাঙৰ!
মেধাৱীবোৰ আবেগ বিবৰ্জিত উন্নত শৰীৰ হৈ পৰে
সিহঁতে দেউতাককো ফুচুলাই তৃপ্তি ল'ব পাৰে...
শৈশৱৰ সোঁৱৰণত সিহঁতে সময় অপচয় নকৰে
সপোনবোৰ চুহি-চুমি সিহঁত বহুত সুখী হয়।
বিদেশ মেধাৱীবোৰৰ বৰ আপোন
মেধাৱীবোৰৰ ডাঙৰ ডাঙৰ সপোন!!
No comments:
Post a Comment