ভাৱনাবোৰৰ সৈতে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

ভাৱনাবোৰৰ সৈতে


ভাৱনাবোৰৰ সৈতে

লাৱণ্য নাথ

বঙাইগাঁও



এটা কবিতাৰ প্ৰসৱৰ বেদনাই

 বুকুখন জুৰি আছে 

তোমাক পোৱাৰ আকুলতাত...


অস্থিৰ হৈ পৰিছে মনৰ সমুদ্ৰ।

নদী হ'ব খুজিছোঁ-

মৰমেৰে বোৱাই নিবলৈ;

সাগৰ হব খুজিছোঁ

 বুকুত সামৰি ল'বলৈ...


এজনী চৰাই হ'ব বিচাৰোঁ-

ডেউকাৰে ঢাকি  ধুমুহা,বতাহ ,বৰষুণ,

অনাহুত বিপদৰ পৰা ৰক্ষা কৰিব পৰা

এজনী সাহসী মাতৃ।


অথচ ভয় লাগে সময়ৰ পৰিধিত

যদি মই সফল হ'ব নোৱাৰোঁ,

মনে ভৱাৰ দৰে যদি হ'ব নোৱাৰোঁ

 এজনী মাতৃ ...

যদি হ'ব নোৱাৰোঁ-

তোমাৰ দুখবোৰ মচিব পৰাকৈ 

মনৰ আকুলতা বুজিব পৰাকৈ 

এজনী

সহজাত মাতৃ।



ফোনঃ 9954862901


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages