পুনৰুত্থান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

পুনৰুত্থান


পুনৰুত্থান

ৰিংকুমণি বড়া

ঢকুৱাখনা


দুচকুত নীলা বেদনাৰ চেকুৰা

ওঁঠত এপিয়লা বিষাদ

কপালত শেতা জোন

কলিজাত সপোনৰ জীৱাশ্ম লৈ

কেনেকৈ গাওঁ বাৰু আনন্দৰ গান?

উশাহত ক্লেদাক্ত বতাহ

নিশাহত দুখৰ হুমুনিয়াহ

দুহাতত সমাজৰ শিকলি বন্ধা

দুভৰি পোত খোৱা অবিচাৰৰ পলসেৰে

কেনেকৈ গাওঁ বাৰু স্বাধীনতাৰ গান?

কাৰোবাৰ আঙুলীৰ ঠাৰত নচা

আমাৰ উপেক্ষিত জীৱনেৰে নোটত বন্দী হোৱা

আমাৰ সতীত্বৰে

প্ৰভূত্বৰ

শোষণৰ চাবুকেৰে কোবাই

কোঙা কৰা আমাৰ বিবেকেৰে 

কেনেকৈ গাওঁ বাৰু মুকুতিৰ গান? 

আমাৰ ৰুদ্ধ প্ৰাণে আজি বিচাৰিছে 

মুক্তিৰ সোণালী পথ, মুকলি আকাশ 

আমাৰ সত্বাত পুনৰ জ্বলিব লাগিছে 

প্ৰতিবাদৰ এটি তেজাল শিখা


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages