ওঁঠত ফুলা ফুল পাহৰ নাম কি গালনিছা
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
ওঁঠত ফুলা ফুল পাহৰ নাম কি গালনিছা
বসন্ত
বিদ্ৰোহ
নে সূৰ্যমুখী
যদি বসন্ত হয়
তেন্ত ফুলা নাই কিয় মাধুৰী
মলমলোৱা নাই কিয় কেতেকীৰ পাহি
আৰু মলিওৱাই বা নাই কিয় আমে
যদি বিদ্ৰোহ
ফুলা নাই কিয় জুই ফুল
নে ফিৰিঙতিতেই গালনিছা দাহ
যদি সূৰ্যমুখী
বেলিটো ক'ত
তোমাৰ
আকাশৰ
ওঁঠত ফুলা ফুল পাহৰ নাম কি গালনিছা
তোমাৰ মাতটো শুনা নাই
নিৰ্বাসিত!!
(চীনৰ কবি গালনিছা ইমিন অ'ঘ্যৰ সম্প্ৰদায়ৰ এগৰাকী শিক্ষয়িত্ৰী।
কবিতাৰে বিচ্ছিন্নতাবাদী ভাবধাৰা প্ৰসাৰিত কৰাৰ অভিযোগত কবি ইমিন নিৰ্বাসিত।)
ফোনঃ 8822943064
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment