তলা লগোৱা হ'ল
ধন দাস
নগাঁও
আজি বন্ধ
দেওবাৰ নহয়
আজি বন্ধ
হাজিৰা নাই
আজি বন্ধ
এসেৰ চাউলৰ দাম ৪০টকা
আজি বন্ধ
অংশীদাৰসকল বিছনাত শুই আছে
আজি বন্ধ
শ্ৰমিকবোৰে বুজি পোৱা নাই কি কাৰণে
আজি বন্ধ
ভাড়াঘৰৰ জুৰাতাপলিত কমিল এটা দিন
আজি বন্ধ
উত্তৰ কাক লাগে কিয় লাগে
কাইলৈৰ পৰা ধে'ৰ কাম
আজি বন্ধ
কামত নলগা টায়াৰ কেইটামানৰ শৰাধ
আজি বন্ধ
তলা লগোৱা হ'ল নগৰবোৰত
ভাষাটো যায় যায়
সম্পদবোৰ যায় যায়
পেটত হাত-ভৰি সোমোৱাই
মাত-বোল নাই
বন্ধ নাই
নাই মানে একো নাই
বৰঘৰতে বহি বেপাৰ কৰি খায়
কিনো আহে কিনো যায় কাণসাৰ নাই
উত্তৰ নাই সমিধান নাই
আজি বন্ধ
নেমানিলেই ৰাষ্টা জ্বলিব মানুহ জ্বলিব
চুবুৰী জ্বলিব সময় জ্বলিব
মানুহবোৰে ত-তকৈ চাই থাকিব
খা বাপেকে ভাত
হাজিৰা কৰ ।।
No comments:
Post a Comment