অনুভৱৰ এমুঠি
ইলামণি শইকীয়া
(এক)
শিল
শিল এচটা মানুহ হোৱাৰ কাহিনীৰ কাহিনীকাৰ মই৷
এচলু পানী নদী হোৱাৰ হেঁপাহ
গোট মাৰিল ৰ’দৰ ভেঙুচালিত
দিন-প্ৰতিদিনৰ কচৰতত
এচটা কট্কটীয়া টান শিলৰ
জন্ম- যন্ত্ৰণা আৰম্ভ হ’ল৷
হাজাৰ শতাব্দীৰ পিছত
শিলচটাক পানী যুঁৱলিত পালে
এজনী অনাথ কিশোৰীয়ে
তাইৰ চকুপানীৰ উত্তপ্ত নদীত সাঁতুৰি
শিলচটা গলি হৈ পৰিল এজন মানুহ
তাইৰ প্ৰিয় মানুহ৷
(দুই)
শতিকাৰ অন্তিম সূৰ্যাস্ত
সেই জীৱন মই নাপালোঁ
যি মোৰ হোৱা উচিত আছিল
সেই সপোন মোৰ নহ’ল
যাক ধাৰণ কৰিছিলোঁ
সেই প্ৰেম অমূৰ্ত হৈ ৰ’ল
যাক আমৃত্যু কঢ়িয়াই ফুৰিম৷
মোৰ বুলি আচলতে একোৱেই নাছিল
হাড়লৈকে কোবাই বতাহজাক
বলি থকাৰ সময়ত
নিমখীয়া নদী এখনৰ বাদে৷
যি সোঁৱৰণিক থপিয়াই ধৰিব খুজিছিলোঁ
কোনোদিন মূৰ নুতুলিল মোলৈ
শতিকাৰ অন্তিম সূৰ্যাস্ত সমাগত
কোৱাবোৰ ক’ব খোজাবোৰ নহ’ব
সম্ভৱতঃময়ো মোৰ হ’ব নোৱাৰিম
কোনোদিন৷
(তিনি)
তাৰ পাছত...
তাৰ পাছত তেওঁলোক
প্ৰেমৰ দাবীদাৰ হৈ নাথাকিল
দাবীদাৰ হৈ পৰিল প্ৰেমাস্পদৰ৷
অভিমান বাঢ়ি আহিল,তাড়না বাঢ়ি আহিল
সাগৰৰ পাৰৰ সূৰ্যাস্তৰ একেলগে চোৱাৰ হাবিয়াস
শামুকৰ খোলা হৈ পৰি ৰ’ল ক’ৰবাত৷
এদিন...
প্ৰেমবোৰ পোহৰ হৈ সূৰ্যলৈ ঘূৰি গ’ল
সপোনবোৰ (কেৱল) টোপনিৰ স্তাৱক হৈ ৰ’ল৷
যি প্ৰেম চিৰদিন প্ৰেম হৈ নাথাকে
সি প্ৰেম আছিল জানো কোনোদিন!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment