পুহৰ আঙুলিত জাৰৰ কঁপনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

পুহৰ আঙুলিত জাৰৰ কঁপনি

 


পুহৰ আঙুলিত জাৰৰ কঁপনি


ববী দত্ত

টীয়ক

                                                 

ধূসৰিত কুঁৱলীৰ পিঠিত 

উঠি আহিল পুহ

অবিন্যস্ত শিপা হৈ শিপালে জাৰ

পুহৰ আঙুলিত জাৰৰ কঁপনি 

'জোৰ যাৰ মুলুক তাৰ '।


জাৰে জহে মিতিৰ পাতি শলাগ ল'লে সময়।


পুহৰ আঁহে আঁহে ঠন ধৰে অনুভৱী মন

কুঁৱলীক গালি দি ওলাই আহে এচেৰেঙা চেঙেলীয়া ৰ''দ

ৰ'দত তল সৰা চিকুণ সপোন

কেঁচা মাটিৰ মিঠা গোন্ধত উন্মাদ উচাটন 

সুগন্ধিত মাতাল পকা অমৰাৰ তল।


পুহৰ আঙুলিত জাৰৰ কঁপনি

কঁপনিত উশাহৰ স্পন্দিত ৰূপ

দাঁতে দাঁতে প্ৰণয়ৰ লঘু মিতিৰালি

আইৰ শোৱা চাঙত পানী কেঁথাৰ অভিমান ভাঙি

অঙহী বঙহীৰ কথাবোৰ তাতেই ঘুমটি গ'ল

পুহৰ টোপনিৰ চিকুণ পুৱাৰ সুখ হেঁপাহৰ হ'ল।


পুহৰ আঙুলিত জুই ফুল ফুলিল

আখলত জিলিকিল পকা আঙঠাৰ খং


আইৰ ক'লা চৰুত বক -বকাই উঠিল 

এসেৰ উখোৱা চাউলৰ গোটা গোটা অভিমান

আইয়ে পুহৰ আঙুলিত বয়সৰ তলুৱাৰে জুই কাঢ়িলে

জুইযে লাজ পালে।


পুহ আপোন হৈ ৰ'ল

বৰ আপোন

জাৰৰ কঁপনি কঢ়িয়াই অনা আঙুলি চিকুণ!


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages