সেই জীৱন
মিনু হাজৰিকা
চকুৰ পচাৰতে হৈ গ’ল
জীৱনৰ ছন্দগতি ৷
এক ক’লা অধ্যায় আছিল
সিদিনা মোৰ জীৱনৰ ৷
মোৰ ভৰিখন মোৰ পৰা ক্ষনিক নিলগত চটফটাই আছিল ৷
যেন মোক মোৰেই ভৰিৰ অঙ্গই কাতৰে মাতিছে
“মোক সংযোগ কৰা বুলি“
অলপ পিছত আকৌ এটা
প্ৰচণ্ড খুন্দাই মোৰ হাত আৰু ককাল ৷
পলকতে মোৰ অঙ্গই মোৰেই নিৰ্দেশ নমনা শিশুৰ দৰে হ’ল৷
সকলোবোৰ চাই আছিলো
শুনি আছিলো প্ৰতিধ্বনিৰ দৰে ষ্টেচনৰ যাত্ৰিবোৰৰ
উঃ আঃ শব্দবোৰ ৷
মই ঈশ্বৰক ক’লো যে
হে ঈশ্বৰ মোক অকণমান সময় দিয়া মোৰ কলিজাৰ এফালজনীক কাৰোবাৰ হাতত গতাই দিওঁ বুলি ৷
ভাগি পৰিছিল মন মগজু
যে মোৰ ইয়াৰ পাছৰ জীৱটো কি বা কেনেধৰনে পাৰ কৰিম !
আত্মীয়স্বজন আৰু পৰিয়ালে
সুমুৱাই দিলে মোৰ মনত বাৰুদৰ দৰে শক্তি ৷
ঘাত প্ৰতিঘাতৰ মাজত মই
এই মিনুজনীক কাষৰ পৰা লগপোৱা যেন লাগিল ৷
কাইলৈকে নিচিনা মানুহবোৰে মোক আজি শ শ সভাত মাতে ,
কিজানিবা মোৰ কথাবোৰে অনাগত প্ৰজন্মৰ অলপ হলেও লাভাম্বিত হয় ৷
এতিয়া মই বিশেষভাৱে সক্ষম বুলি কলে মই গৌৰৱ অনুভৱ কৰো ৷
জীৱনটোক বাগিচাৰ দৰে সজাই সংগ্ৰাম চলাই গৈছো ৷
প্ৰতিকুল অৱস্থাৰ পৰা নিজকে অনুকুল অৱস্থাৰ ফালে গতি কৰিছো ৷
মোৰ দ্বাৰা যদি কাৰোবাৰ
সহায় হয় সেয়াই মোৰ প্ৰসাদ৷
মই মিনু ময়েই মিনু৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment