বলিৰ পঠা
যতীন মিলি
ক'লা মেকুৰীৰ দৰে চেলেকি চেলেকি পানী পি পিয়াহ গুচোৱা মোৰ দেশৰ মানুহে
সূৰ্যকো গিলে
জোনকো গিলে
কুকুৰৰ নেজৰ ভাঁজৰ দৰে ভাঁজলগা কথা
সেই মানুহবোৰৰ
শগুনৰ মুখৰ গোন্ধৰ দৰে পেটৰ গোন্ধ
সেই মানুহবোৰৰ
মেকুৰীৰ ছাল পিন্ধা এজাক নিগনিয়ে
কুকুৰৰ নেজত ধৰি কথাৰ পোৱালি জগায়
ঠেং লগা বতাহত
ৰাষ্টাই-ঘাটে ঠেং দাঙি মুতা কুকুৰসৱে শুনিব নোখোজে
তুলসীৰ তলৰ মাটিচাকিৰ পুৰাতন সাধু
কুমজেলেকুৱা জিভাৰে ভৰি চেলেকা
মেকুৰীবোৰে আকৌ
ৰাখিব নোখোজে পেটলৈ যোৱা কৃষ্ণকায় নোমবোৰৰ ভৰৰ হিচাপ
অথচ নোম গিলি গিলি নোদোকা হোৱা
সেই মানুহবোৰেই মোৰ দেশৰ ৰজা
হৰ্তা কৰ্তা বিধাতা
নিৰীহৰ ঘামৰ জুইত
ৰান্ধনী উচতাই জোল খোৱা
মোৰ দেশৰ এজাক ক'লামেকুৰী !!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment