মই কবি নহয়
ইলামণি শইকীয়া
ওহো মই কবি নহয়
কোনেও মোক কবি বুলি কোৱা নাই
নিজেও ভৱা নাই
কবি হ’বলৈ যিমান চতুৰতা লাগে, যিমান পাকৈত,বিজ্ঞ হ’ব লাগে সেয়া মোৰ নাই
চা চিনাকিও তেনেই ক’ম
তোষামোদতো ধৰা পৰাৰে ভয়
দুজনমান বাহিৰৰ কবিৰ কবিতা পঢ়িছোঁ
আমাৰ নিজৰ ’ভাল’ কবিকেইজনৰ কবিতাও চোবাই চোবাই গিলিছো
ওহো কবিতাক এতিয়াও ব্যৱসায় হিচাপে ল’বগৈ পৰা নাই
৭টা দিনত ১০টা কবিতাৰ কথা ভাৱনাৰ বাহিৰ
জাহিৰৰ বজাৰত চাহিদা একেবাৰে ক’ম
ব্যৱসায় শূন্য
ক্ষোভ উজাৰিছো বুলি নক’ব
শূন্যৰ পৰা উঠি অহা মানুহ আমি
আইৰ পিতাইৰ ভকৰি উদঙৰ দিনত আমাৰ জন্ম
আই পিতাইৰ নিজাকৈ চকী এখন নাছিল
ঘপহ্কৈ চকী এখন কোনেনো আমাক আগবঢ়াই দিব
চকী নথকা মানুহ...
শব্দৰ শৰীৰটো গঢ়িলো বুলিয়েই হ’ব পাৰো জানো কবি
এসময়ৰ মোৰ জীৱন যুদ্ধ
মোৰ অসহায়তা আৰু চকুলো
মই মোক হেৰুৱাই উদং হোৱা
তেওঁলোকে দেখিছিল
মই হেৰাই গৈ নিজক হেৰুৱাই পেলোৱাটো, আত্মহত্যা কৰাটো, সময়ৰ ওচৰত নতশিৰ হোৱাটো তেওঁলোকৰ বাবে সহজ আছিল, হয়তো কাম্যও
এতিয়া
ভিৰৰ মাজতো নিজক বিচাৰি আনিব পৰাটো তেওঁলোকৰ সহ্যাতীত
জুই একুৰা হৈ মাজে মাজে তেওঁলোকক উত্তাপ দিয়াটো
তেওঁলোকৰ বাবে অসহজ, হয়তো অকাম্যও,
হয়তো মই জিকি যোৱাটো তেওঁলোকৰ
বিৰাট পৰাজয়৷
ওহো মই কবি নহয়
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment